ETV Bharat / state

ৰাইজৰ শোষণৰ ধন পুঁজিপতিয়ে বিজেপিক উপহাৰ দিবঃ বিস্মিতা গগৈ

খুমটাইত ব্লক কংগ্ৰেছৰ প্ৰতিবাদ ৷ উপস্থিত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ ৷ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

Khumtai Block Congress Massive Protest In Golaghat District Khumtai
ৰাইজৰ শোষণৰ ধন পুঁজিপতিয়ে বিজেপিক উপহাৰ দিবঃ বিস্মিতা গগৈ
author img

By

Published : Oct 31, 2020, 3:14 PM IST

গোলাঘাট, 31 অক্টোবৰ : কৃষাণ অধিকাৰ দিৱস উপলক্ষে খুমটাইৰ চুঙিহোলা কঠালগুৰি ব্লক কংগ্ৰেছৰ উদ্যোগত শনিবাৰে সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ উক্ত প্ৰতিবাদত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

Khumtai Block Congress Massive Protest In Golaghat District Khumtai
বিজেপি কৰ্মী কংগ্ৰেছ যোগদানৰ মূহুৰ্তত

শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদস্থলীত চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ ইফালে,মিঞা মিউজিয়াম সম্পৰ্কত চৰকাৰে দুমুখীয়া স্থিতি লৈছে বুলি মত প্ৰকাশ কৰিছে বিস্মিতা গগৈয়ে ৷ আগন্তুক নিৰ্বাচনৰ বাবেই বিজেপি চৰকাৰে মিঞা মিউজিয়াম আৰু মাদ্ৰাছা সম্পৰ্কে দুমুখীয়া স্থিতি লৈছে বুলি মন্তব্য আগবঢ়াইছে ৷

আনহাতে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ দ্বাৰা ৰাইজক শোষণ কৰি পুঁজিপতি সকলে ধন সমূহ নিৰ্বাচনৰ বাবে বিজেপিলৈ মৰমৰ উপহাৰ হিচাপে আগবঢ়াইছে বুলি মন্তব্য আগবঢ়াইছে ৷

উল্লেখ্য যে, এই প্ৰতিবাদী কাৰ্যসূচীতে বিজেপি দলৰ কেইজনমান সদস্যই কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলি জানিব দিয়ে ৷

লগতে পঢ়ক : COVID19 ৰ বাবে ভংগ ঐতিহাসিক টীয়কৰ বামুনপুখুৰী ৰাসৰ নাটৰ পৰম্পৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.