ETV Bharat / state

Penchak Silat: চিলাপথাৰত পেঞ্চাক চিলাট্ সংস্থাৰ উদ্যোগত খেলো ইণ্ডিয়াৰ প্ৰথম মহিলা লীগ - খেলো ইণ্ডিয়াৰ প্ৰথম মহিলা লীগ

চিলাপথাৰত সদৌ অসম পেঞ্চাক চিলাট্ সংস্থাৰ উদ্যোগত খেলো ইণ্ডিয়াৰ প্ৰথম মহিলা লীগ অনুষ্ঠিত হৈছে ৷ বিভিন্ন জিলাৰ পৰা তিনিশ ত্ৰিশ গৰাকী মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷

Penchak Silat
পেঞ্চাক চিলাট্ সংস্থাৰ খেলো ইণ্ডিয়াৰ প্ৰথম মহিলা লীগ
author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 10:45 PM IST

পেঞ্চাক চিলাট্ সংস্থাৰ খেলো ইণ্ডিয়াৰ প্ৰথম মহিলা লীগ

ধেমাজি, 28 আগষ্ট : সদৌ অসম পেঞ্চাক চিলাট্ সন্থা অসমৰ উদ্যোগত ধেমাজিৰ চিলাপথাৰৰ টাউন মহাবিদ্যালয়ত খেলো ইণ্ডিয়াৰ প্ৰথম মহিলা লীগ সম্পন্ন হয় ৷ তিনিশ ত্ৰিশ গৰাকী মহিলা খেলুৱৈৰ অংশ গ্ৰহণেৰে এই লীগ সম্পন্ন হয় ৷ আগন্তুক গোৱাত অনুষ্ঠিত হ’বলগীয়া ৩৭ সংখ্যক ৰাষ্ট্ৰীয় খেলত পেঞ্চাক চিলাট্ সমৰকলাৰ সংযোজনে দেশৰ বহু খেলুৱৈৰ বাবে বাট মুকলি কৰিলে নিজৰ নিজৰ পৰিচয় দাঙি ধৰাৰ ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে দেশৰ ক্ৰীড়া ক্ষেত্ৰখনত পুৰুষৰ সমান্তৰালভাৱে মহিলা সকলেও যাতে সমানুপাতিকভাৱে বিভিন্ন খেলৰ জৰিয়তে আগুৱাই যাব পাৰে তাৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ দেশৰ প্ৰান্তে প্ৰান্তে এতিয়া সমাদৃত হৈছে ইণ্ডোনেছিয় মূলৰ সমৰকলাৰ খেল পেঞ্চাক চিলাট্ ৷ এই খেলক ইতিমধ্যে আন্তৰাষ্টীয় পৰ্যায়ৰ লগতে ভাৰতবৰ্ষতো মান্যতা প্ৰদান কৰা হৈছে ৷

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ পৰ্যবেক্ষকৰ উপস্থিতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তিনিশ ত্ৰিশ গৰাকী মহিলা খেলুৱৈৰ অংশ গ্ৰহণেৰে সদৌ অসম পেঞ্চাক চিলাট্ সন্থা অসমৰ উদ্যোগত ধেমাজিৰ চিলাপথাৰৰ টাউন মহাবিদ্যালয়ত খেলো ইণ্ডিয়াৰ প্ৰথম মহিলা লীগ দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় ৷

এই সমৰকলাৰ খেলত পদক জয়ী বহু কেইগৰাকী খেলুৱৈয়ে নিজৰ মনৰ ভাৱ ব্যক্ত কৰি ক’লে কিদৰে আগন্তক দিনত পেঞ্চাক চিলাট্ ৰ জৰিয়তে আগবাঢ়ি যোৱাৰ কথা তেওঁলোকে ভাবিছে ৷ ইফালে দুদিনীয়াকৈ অনুষ্ঠিত এই খেলৰ আয়োজক তথা সদৌ অসম পেঞ্চাক চিলাট্ সন্থা অসমৰ সাধাৰণ সম্পাদক লক্ষজিৎ দলেই কয় যে সমগ্ৰ দেশৰ ভিতৰতে অসম অষ্টম স্থান লাভ কৰিছে চলিত মাহত অনুষ্ঠিত ৰাষ্টীয় পেঞ্চাক চিলাট্ চেম্পিয়নশ্বীপত ৷

লগতে পঢ়ক : Neeraj Chopra win gold : ‘‘এই পদক সকলো ভাৰতীয়ৰ বাবে’’; নীৰজ চোপ্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.