গোলাঘাট, 30 জুনঃ ক্ৰমান্বয়ে বৃদ্ধি পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলস্তৰ । ইয়াৰ সামান্তৰাল ভাৱে উফন্দি উঠিছে ইয়াৰ নৈ উপনৈ সমূহ । এতিয়া ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ বিভিন্ন উপনৈ আৰু ডিফলু নদীৰ বাঢ়নি পানীয়ে বৰ্তমানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 60 শতাংশ বুৰাই পেলাইছে ৷ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা জীৱন ৰক্ষাৰ বাবে কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে বিভিন্ন জীৱ-জন্তুৱে । ইপিনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ মূহুৰ্তত মৃত্যু হৈছে পহুৰ । এই দুৰ্ঘটনাৰ পাচতেই তৎপৰ হৈছে প্ৰশাসন তথা বন বিভাগ ৷
![কাৰ্বি পাহাৰলৈ ঢাপলি বন্যহস্তীৰ জাকৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-801-30june-kazirangaflood-vis-byte-as10024_30062020012358_3006f_1593460438_805.png)
বন্য প্ৰানীৰ নিৰাপত্তাৰ বাবে ৰাষ্ট্ৰীয় পথটোত প্ৰশাসনে 144 ধাৰা জাৰি কৰাৰ লগতে বেৰিকেড বহুৱাই টাইম কাৰ্ড প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । আমগুৰিৰ পৰা পানবাৰী লৈকে 49 কিলোমিটাৰ দূৰত্ব বাটলৈ 74 মিনিট সময় ধাৰ্য কৰি টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে ।
![৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত মৃত্যু পহু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7825865_1.jpg)
এই টাইম কাৰ্ডৰ নিৰ্দেশনা অৱমাননা কৰিলে ভৰিব লাগিব পাঁচ হাজাৰ টকাৰ জৰিমণা । ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি আৰু নিপকুৱে খুলি দিয়া পানীৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা কৰ্তৃপক্ষ এতিয়া সম্পূৰ্ণ ৰূপে সষ্টম হৈ উঠিছে । আনহাতে আৰু 1 মিটাৰতকৈ অধিক পানী বাঢ়িলে জীৱকুলৰ মাজত সৃষ্টি হ'ব হাহাকাৰ পৰিস্থিতিৰ ৷
লগতে চাওক-ভাৰতৰ প্ৰথম স্বদেশী COVID-19 প্ৰতিষেধক ‘‘COVAXIN’’