ETV Bharat / state

ৰোগীৰ পৰিৱৰ্তে এম্বুলেঞ্চখনত কঢ়িওৱা হয় চাহপাত: তাৰ পিছত ?

author img

By

Published : Apr 11, 2022, 10:40 PM IST

বোকাখাতৰ ডিফলু চাহ বাগিচাই চৰকাৰীভাৱে লাভ কৰিছিল AS 01 CC 5243 নম্বৰৰ এখন এম্বুলেঞ্চ ৷ কিন্তু নিশা হ'লেই এম্বুলেঞ্চখনত ৰোগীৰ পৰিৱৰ্তে কঢ়িওৱা হয় চাহপাত (tea leaves in ambulance) ৷ জানো আহক তাৰ পিছত কি হ’ল ৷

instead-of-patients-tea-leaves-are-carried-in-ambulance
ৰোগীৰ পৰিৱৰ্তে এম্বুলেঞ্চখনত কঢ়িওৱা হয় চাহপাত: তাৰ পিছত ?

বোকাখাত, 11 এপ্ৰিল : যি সময়ত ৰোগী কঢ়িয়াবৰ বাবে এখন এম্বুলেঞ্চৰ অভাৱ, সেই সময়তে ৰোগীৰ পৰিৱৰ্তে চাহপাত কঢ়িওৱা হৈছে এখন চৰকাৰী এম্বুলেঞ্চত ৷ এই ঘটনা সংঘটিত হৈছে বোকাখাতত ৷ উল্লেখ্য যে, বোকাখাতৰ ডিফলু চাহ বাগিচাই চৰকাৰীভাৱে লাভ কৰিছিল AS 01 CC 5243 নম্বৰৰ এখন এম্বুলেঞ্চ ৷ কিন্তু নিশা হ'লেই এম্বুলেঞ্চখনত ৰোগীৰ পৰিৱৰ্তে কঢ়িওৱা হয় চাহপাত (tea leaves in ambulance) ৷

দেওবাৰে, নিশা এম্বুলেঞ্চখনত বাগিচাৰ পৰা চাহপাত লৈ আহি বোকাখাত নগৰৰ মাজমজিয়াত ৰৈ থকা অৱস্থাত চালকক সোধপোচ কৰোতেই উৰহি গছৰ ওৰ ওলাই পৰে ৷ নিশাই চাহপাতসহ এম্বুলেঞ্চখন বোকাখাত আৰক্ষীক চমজাই দিয়া হয় (Police seized ambulance) ৷ জানিব পৰা মতে, নিশাৰ ভাগত ৰোগীৰ পৰিৱৰ্তে এম্বুলেঞ্চখনত চাহপাত কঢ়িওৱা হৈ আহিছে ৷ এতিয়া আৰক্ষী তথা প্ৰশাসনে বাগিচাখনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সি লক্ষণীয় হ'ব ৷

লগতে পঢ়ক : গোলাঘাটত ড্ৰাগছ আসক্ত চোৰৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.