ETV Bharat / state

গোলাঘাটত কৰ'ণাত আক্ৰান্ত হ'লেই কাৰাবন্দীয়ে আনন্দ কৰে কিয় ? - ৰেপিড এণ্টিজেন টেষ্ট

ৰেপিড এণ্টিজেন টেষ্টৰ ৰিপ’ৰ্টত ক'ভিড পজিটিভ ধৰা পৰিলেই আনন্দত আত্মহাৰা হয় একাংশ কাৰাবন্দী লোক ৷ ইতিমধ্যে বহু কেইজনৰ কাৰাবন্দী লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৷

Inmates Feel happy if they tested Positive for COVID-19
গোলাঘাটত কৰ'ণাত আক্ৰান্ত হ'লেই কাৰাবন্দীয়ে আনন্দ কৰে কিয় ?
author img

By

Published : Jul 28, 2020, 4:42 PM IST

গোলাঘাট, 28 জুলাইঃ যি সময়ত কৰ’ণাক লৈ সমগ্ৰ বিশ্বতে এক ত্ৰাসৰ সৃষ্টি হৈছে, সেই সময়ত গোলাঘাট জিলা কাৰাগাৰৰ ভিতৰ চ’ৰাত দেখিবলৈ পোৱা গৈছে বিপৰীত ছবি ৷ আচৰিত যেন লাগিলেও এই কথা সত্য যে জিলা কাৰাগাৰখনত থকা একাংশ কাৰাবন্দীয়ে এতিয়া তেওঁলোকৰ দেহত কৰ'ণা প'জিটিভ হ’লেই উৎফুল্লিত হয় । যোৱা কেইবাদিনো ধৰি গোলাঘাট জিলা কাৰাগাৰত চলি থকা ৰেপিড এণ্টিজেন টেষ্টৰ সময়ত এই কথা পোহৰলৈ আহিছে ।

গোলাঘাটত কৰ'ণাত আক্ৰান্ত হ'লেই কাৰাবন্দীয়ে আনন্দ কৰে কিয় ?

উল্লেখ্য যে,একাংশ কাৰাবন্দীয়ে এতিয়া ৰেপিড এণ্টিজেন টেষ্টৰ ৰিপ’ৰ্টত ক'ভিড পজিটিভ ধৰা পৰিলেই আনন্দত আত্মহাৰা হৈ পৰে। আনকি,বহু সময়ত ক'ভিড পজিটিভ হিচাপে নাম ঘোষণা কৰিলেই কাৰাবন্দী সকলে আনন্দ-স্ফূৰ্তি কৰে । কাৰণ দেহত ক'ভিডৰ অৱস্থিতি পালেই কাৰাবন্দীসকলক থকা আৰু খোৱা-বোৱাৰ ক্ষেত্ৰত কাৰাগাৰ কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰে।

মন কৰিব লগীয়া যে,জিলা কাৰাগাৰখনত কোনো কাৰাবন্দী ক'ভিডত আক্ৰান্ত হ’লে কাৰাগাৰৰ ভিতৰতে থকা ক'ভিড কেয়াৰ চেণ্টাৰত ৰখাৰ এক সুন্দৰ ব্যৱস্থা কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই । লগতে পুৱাৰ আহাৰৰ পৰা নিশাৰ আহাৰলৈকে প্ৰতি সাজতে মাছ,মাংস অথবা কণীৰে ক'ভিড আক্ৰান্ত সকলক আপ্যায়ন কৰাৰ ব্যৱস্থা কৰা হৈছে । গতিকে জিলা কাৰাগাৰখনৰ একাংশ কাৰাবন্দী এতিয়া কাৰাগাৰখনৰ দৈনন্দিন যোগান ধৰা আহাৰতকৈ ক'ভিড কেয়াৰ চেন্টাৰৰ আহাৰৰ প্ৰতিহে অধিক আগ্ৰহী বুলি সূত্ৰটোৱে জানিবলৈ দিছে ।

আনহাতে,ক'ভিড কেয়াৰ চেন্টাৰৰ এটা ৰুমত ২০-২৫ জনকৈ ক'ভিড আক্ৰান্ত কাৰাবন্দীক থাকিবলৈ দিয়াটো কাৰাবন্দী সকলক আকৰ্ষণ কৰা বুলিও জানিব পৰা গৈছে। সূত্ৰটোৰ মতে দেহত ক'ভিড ভাইৰাছ থাকিলে দুদিনমানৰ বাবে সুন্দৰভাৱে খাই বৈ থাকিবলৈ বিচাৰিছে একাংশ কাৰাবন্দীয়ে । গতিকে ক'ভিডত আক্ৰান্ত হ’লে ক'ভিড কেয়াৰ চেন্টাৰৰ সুন্দৰ ব্যৱস্থাৰ মাজত থাকিবলৈ কাৰাগাৰখনৰ একাংশ কাৰাবন্দী অধিক আগ্ৰহী। এয়াই হৈছে গোলাঘাট জিলা কাৰাগাৰখনৰ ভিতৰচ’ৰাৰ আজিৰ তাৰিখত এখন বাস্তৱ জীয়া ছবি ।

লগতে পঢ়ক- বোকাখাটত পথৰ দুৰৱস্থাৰ বাবেই এজন লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.