ETV Bharat / state

সৰুপথাৰত ১২ বছৰে সম্পূৰ্ণ নহ'ল জলসিঞ্চন প্ৰকল্পৰ কাম

সৰুপথাৰত পানী যোগান আঁচনিৰ নিৰ্মাণৰ নামত ভেকো-ভাৱনা । ১২ বছৰে সম্পূৰ্ণ নহ'ল ১৭.৫০ কোটি টকীয়া জলসিঞ্চন প্ৰকল্প(Irrigation Scheme)ৰ কাম । অহা ৩ মাহৰ ভিতৰত আঁচনিখন সম্পূৰ্ণ কৰি তোলাৰ আশ্বাস বিধায়ক বিশ্বজিৎ ফুকনৰ ।

Incomplete Rengma irrigation Scheme
সৰুপথাৰত পানী যোগান আঁচনিৰ নিৰ্মাণৰ নামত ভেকো-ভাওনা
author img

By

Published : Jun 10, 2021, 10:29 PM IST

সৰুপথাৰ, ১০ জুন : এতিয়াও অৰ্ধনিৰ্মিত অৱস্থাতে আছে গোলাঘাটৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাট যোৰ দলঙৰ ৰেংমা নদীৰ ওপৰত নিৰ্মাণ কৰা জলসিঞ্চন প্ৰকল্প(Irrigation Scheme) । ২০০৯-১০ বিত্তীয় বৰ্ষতে কেন্দ্ৰীয় চৰকাৰে(Central Government) আবণ্টন দিয়া ১৭ কোটি ৫০ লাখ টকা ব্যয়েৰে জলসিঞ্চন বিভাগে(Irrigation Department) এই জলসিঞ্চন প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল ।

৪২ খন গাঁৱৰ কৃষক ৰাইজৰ ১৫০০০ হেক্টৰ কৃষি ভূমিত পানী যোগান ধৰাৰ বাবে পানী যোগান আঁচনি নিৰ্মাণ কৰা হৈছিল । কিন্তু মুঠ ১৩ জন ঠিকাদাৰে নিৰ্মাণ কৰিবলৈ লোৱা পানী যোগান আঁচনিখনৰ কাম ১২ বছৰে সম্পূৰ্ণ নহ'ল । বিভাগীয় বিষয়া-কৰ্মচাৰী লগতে ঠিকাদাৰসকলৰ হেমাহিৰ বাবে আজি পৰ্যন্ত পানী যোগান আঁচনিখন অৰ্ধনিৰ্মিত অৱস্থাত আছে । সেয়ে, কৃষকসকলৰ বাবে এতিয়া বৰষুণেই হৈছে একমাত্ৰ ভৰসা ।

Sarupathar Rengma irrigation Scheme
সৰুপথাৰত ১২ বছৰে সম্পূৰ্ণ নহ'ল জলসিঞ্চন প্ৰকল্পৰ কাম

শেহতীয়াকৈ সমষ্টিটোৰ নৱ নিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকনে(Biswajit Phukan) অৰ্ধনিৰ্মিত জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে । বিভাগটোৰ গোলাঘাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা, সৰুপথাৰ উপ-সংমণ্ডলৰ ভাৰপ্ৰাপ্ত সহকাৰী কাৰ্যবাহী অভিযন্তাক সৈতে এই সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকতো মিলিত হয় ।

ইয়াৰ পাছতে, বিধায়কগৰাকীয়ে জলসিঞ্চন আঁচনিৰ ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰি অহা ৩ মাহৰ ভিতৰত আঁচনিখন সম্পূৰ্ণ কৰি তুলিব বুলি জানিবলৈ দিয়ে । ইপিনে, অসম-নাগালেণ্ড সীমান্তত এই প্ৰকল্পৰ কাম কৰি থকা ঠিকাদাৰক নগা উগ্ৰপন্থীয়ে মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰি ধন দাবী কৰাৰো অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক:ৰাজ্যত পুনৰ আক্ৰমণৰ বলি চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.