ETV Bharat / state

ফৰকাটিঙৰ অৰ্ধনিৰ্মিত উৰণীয়া সেঁতুৰ পৰা পৰি মৃত্যু এজনৰ - ফৰকাটিঙৰ অৰ্ধ নিৰ্মিত উৰণীয়া সেঁতুৰ পৰা পৰি মৃত্যু এজনৰ

মৰণফান্দলৈ পৰিণত গোলাঘাটৰ ফৰকাটিঙৰ উৰণীয়া সেঁতু ৷ বুধবাৰে গোলাঘাটৰ ফৰকাটিং অৰ্ধনিৰ্মিত উৰণীয়া সেঁতুৰ পৰা ত্ৰিশ ফুট তলত পৰি মৃত্যু হয় ব্যক্তিৰ ৷ মৃত ব্যক্তিজন ভূপেন হাজৰিকা বুলি চিনাক্ত ৷ অৰ্ধনিৰ্মিত উৰণীয়া সেঁতুৰে বাইকেৰে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা ৷

গোলাঘাট
ফৰকাটিঙৰ অৰ্ধ নিৰ্মিত উৰণীয়া সেঁতুৰ পৰা পৰি মৃত্যু এজনৰ
author img

By

Published : Aug 5, 2020, 2:47 PM IST

গোলাঘাট, 5 আগষ্টঃ দুখন চৰকাৰৰ কাৰ্যকালতো সম্পূৰ্ণ নোহোৱা গোলাঘাটৰ এখন উৰণীয়া সেতু পৰিণত হৈছে মৰণ ফান্দলৈ । উৰণীয়া সেঁতুৰ দুয়োফালৰ পৰা নিৰ্মাণ হৈ ৰে'ল লাইনৰ ওপৰৰ প্ৰায় এশ মিটাৰ নিৰ্মাণ নোহোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হৈছে উৰণীয়া সেঁতুখনত । বুধবাৰে ভূপেন হাজৰিকা নামৰ এজন লোক উৰণীয়া সেঁতুৰে বাইকেৰে পাৰ হ'বলৈ যোৱা সময়তে প্ৰায় ত্ৰিশ ফুট তলত পৰি মৃত্যু হয় ব্যক্তিজনৰ । চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ হেমাহিৰ বাবে বৰ্তমান মৰণ ফান্দলৈ পৰিণত হৈছে ফৰকাটিঙৰ উৰণীয়া সেঁতু ।

ফৰকাটিঙৰ অৰ্ধনিৰ্মিত উৰণীয়া সেঁতুৰ পৰা পৰি মৃত্যু এজনৰ

গোলাঘাটৰ একমাত্ৰ জংচন ফৰকাটিং জংচনৰ ব্যস্ত ৰেলগেটৰ যাতায়তৰ সুবিধাৰ বাবে কংগ্ৰেছ চৰকাৰৰ দিনতে ফৰকাটিঙত উৰণীয়া সেঁতুৰ কাম আৰম্ভ হৈছিল । সেইসময়ত তেতিয়াৰ প্ৰভাৱশালী গড়কাপ্তানি মন্ত্ৰী অজন্তা নেওগে কামৰ শুভাৰম্ভ কৰি এবছৰৰ ভিতৰত উৰণীয়া সেঁতুটোৰ যাতায়ত আৰম্ভ হ'ব বুলি জনাইছিল । কিন্তু কংগ্ৰেছ চৰকাৰ ক্ষমতাচ্যুত হ'ল, বিজেপি চৰকাৰৰ চাৰিবছৰীয়া কাৰ্যকালো পাৰ হ'ল, এতিয়াও সম্পূৰ্ণ নহ'ল ফৰকাটিঙৰ উৰণীয়া সেঁতু। বৰ্তমান এই উৰণীয়া সেঁতুটো মৰণ ফান্দলৈহে পৰিণত হৈছে। উৰণীয়া সেঁতু পাৰ হ'বলৈ যাওতেই ভূপেন হাজৰিকা নামৰ এজন ব্যক্তিয়ে বাইকৰ সৈতে প্ৰায় ত্ৰিশ ফুট তলত পৰি মৃত্যু হয়। উল্লেখযোগ্য যে, এই উৰণীয়া সেঁতুৰ মাজ অংশত কোনো ধৰণৰ নিৰ্মাণ নাই যদিও উৰণীয়া সেঁতুৰ দুয়োফালে যাতায়ত বন্ধৰ সংকেত নথকাৰ ফলত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ।

লগতে পঢ়কঃ গোশালা আৰক্ষীৰ অভিযানত যোৰাবাটৰ পৰা চুৰি বাইকসহ ধৃত চোৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.