গোলাঘাট,6 মে’ : গোলাঘাট জিলাৰ মেৰাপানীত বৃহস্পতিবাৰে জব্দ কৰা হয় 13 খনকৈ অবৈধ শিল ভৰ্তি ড্ৰাম্পাৰ ৷ মেৰাপানী খণ্ড বন উন্নয়ন বিষয়া আৰু চিআৰপিএফৰ যুটীয়া অভিযানত জব্দ হয় ডাম্পাৰ কেইখন ৷
উল্লেখ্য যে, নথি-পত্ৰ জালিয়াতিৰে দীৰ্ঘদিন ধৰি ডাম্পাৰসমূহে সৰুপানীৰ পৰা শিল কঢ়িয়াই আনিছিল ৷ ইফালে ডাম্পাৰসমূহত অভাৰ লোড অনাৰো অভিযোগ উত্থাপন হৈছে ৷
বন বিভাগ আৰু চিআৰপিএফৰ চকুত ধূলি দি নথি-পত্ৰ জালিয়াতিৰে এক দুষ্ট চক্ৰই দীৰ্ঘদিন ধৰি ছিণ্ডিকেটৰাজ চলাই আহিছে । বন বিভাগৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি দুষ্ট চক্ৰই এনেদৰে দুষ্কাৰ্য চলাই আহিছিল । সম্প্ৰতি বন বিভাগৰ অধীনত জব্দকৃত ডাম্পাৰ কেইখন চিআৰপিএফৰ জিম্মাত ৰখা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : নলবাৰীত ব্ৰাউন চুগাৰসহ দুজনক আটক