ETV Bharat / state

Illegal Brick Industry:সৰুপথাৰত ইটাভাটা স্থাপনত কোনে দিলে অনুমতি ? - অনুমতি অবিহনে সীমান্ত অঞ্চলত চৰকাৰী আঁচনি

বন বিভাগ আৰু প্ৰশাসনৰ সন্মুখতে সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত গঢ়ি উঠিছে অবৈধ ইটাভাটা । অবৈধ ইটাভাটাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া । কাৰ নিৰ্দেশত প্ৰশাসনে দিলে ইটাভাটা স্থাপনৰ অনুমতি ?

Sarupathar
সৰুপথাৰত ইটাভাটা স্থাপনত কোনে দিলে অনুমতি
author img

By

Published : Nov 18, 2021, 6:23 PM IST

সৰুপথাৰ,১৮ নৱেম্বৰ : অসম-নাগালেণ্ড সীমান্তৰ বিভিন্ন অঞ্চলত সীমা সমস্যাক (Border dispute) লৈ উত্তেজনা অব্যাহত আছে । যাৰ বাবে অসম চৰকাৰে সীমান্ত অঞ্চলত অনবৰতে চোকা দৃষ্টি ৰাখিছে । সীমান্ত অঞ্চল বেদখলমুক্ত কৰাৰ বাবে স্থানীয় প্ৰশাসনেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । কিন্তু ইয়াৰ মাজতে গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তত গঢ়ি উঠিছে ইটাভাটা (Brick Industry) ।

যি সময়ত সীমান্ত দণ্ডাধীশৰ অনুমতি অবিহনে সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তত চৰকাৰী ঘৰ বনোৱাত চিআৰপিএফয়ে (CRPF) বাধা প্ৰদান কৰি আহিছে । তেনে সময়তে এনেদৰে সীমান্তৰ চুঙাজানৰ নাওঘাটত ইটাভাটা গঢ়ি উঠাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাইজে অভিযোগ কৰা মতে বাবুল আলী নামৰ এগৰাকী ব্যৱসায়ীয়ে অসম ভাটা নাম দি অবৈধভাৱে স্থাপন কৰিছে ইটাভাটা ।

সৰুপথাৰত ইটাভাটা স্থাপনত কোনে দিলে অনুমতি

নাওজান আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত নাওঘাটত বন বিভাগৰ (Forest Department) ভূমিতে স্থাপন কৰা হৈছে এই ইটাভাটাটো । ইফালে তাৰ সমীপতে আছে নাওঘাট খণ্ড বন বিষয়াৰ কাৰ্যালয় । ইয়াৰোপৰি ইটাভাটাটোৰ সন্মুখতে আছে চিআৰপিএফ আৰু অসম বেটেলিয়ানৰ কেম্প ।

উল্লেখ্য যে সীমান্ত দণ্ডাধীশৰ অনুমতি অবিহনে সীমান্ত অঞ্চলত চৰকাৰী আঁচনি (Govt Scheme) ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিগত সময়ছোৱাত চিআৰপিএফ বাহিনীয়ে বাধা প্ৰদান কৰি আহিছে । তেনে স্থলত সীমান্তত নিৰপেক্ষ বাহিনী হিচাপে নিয়োজিত চিআৰপিএফৰ কেম্পৰ সন্মুখতে এনেদৰে অবৈধভাৱে বন বিভাগৰ ভূমিত ইটাভাটা গঢ়ি উঠা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে । ইফালে বন বিভাগৰ ভূমিত ইটাভাটা স্থাপন কৰি ইটা নিৰ্মাণ কৰি থকাৰ পাছতো বন বিভাগে এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

উল্লেখ্য যে, ইটাভাটা এটা স্থাপন কৰিবৰ বাবে বন বিভাগৰ লগতে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অনুমোদনৰ প্ৰয়োজন । কিন্তু কাৰ অনুমতি লৈ বাবুল আলীয়ে বন বিভাগৰ ভূমিত এনেদৰে ইটাভাটা স্থাপন কৰি ইটা বনাইছে সেয়াহে ৰহস্যৰ আৱৰ্তত । আনহাতে নাওজানৰ বাবুল আলী নামৰ লোকজনে সন্দেহজনক নাগৰিকৰ লগতে শিশু শ্ৰমিকক (Child labour) ইটা বনোৱাৰ কামত নিয়োগ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ বিবাদমান এলেকাত কাৰ অনুমতি লৈ এনেদৰে ইটাভাটা নিৰ্মাণ কৰিছে, তাৰ তদন্ত কৰি বিষয়টোৰ লগত জড়িত সকলোকে শাস্তি প্ৰদানৰ লগতে ইটাভাটাটো উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় লোকসকলে ।

লগতে পঢ়ক:চেলুন-স্পা-বিউটী পাৰ্লাৰৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.