ETV Bharat / state

Gold winner Nayanmoni Saikia: বোকাময় পথেৰে যাত্ৰা কৰি সপোন দিঠক হ’ল টেঙাবাৰীৰ নয়নমণিৰ

author img

By

Published : Aug 4, 2022, 10:31 PM IST

টেঙাবাৰীৰ পৰা এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে ইংলেণ্ডৰ বাৰ্মিংহামত নিজৰ সপোন বাস্তৱত পৰিণত কৰিলে সৰুপথাৰৰ জীয়াৰী তথা সৰুপথাৰৰে বোৱাৰী নয়নমণি শইকীয়াই (Gold Medallist Nayanmoni Saikia) । একান্ত ধৈৰ্য আৰু মানুহৰ মানসিক শক্তিয়ে কোনো কামতে হেঙাৰ হ’ব নোৱাৰে তাৰো এক জলন্ত প্ৰমাণ নয়নমণি শইকীয়া । বৰ্তমান নয়নমণি শইকীয়া অসমৰ জীয়াৰী বোৱাৰীৰ বাবে এক আদৰ্শ । হঠাৎ অসমত প্ৰচাৰ হৈ পৰা নয়নমণি কেনেদৰে অসমৰ জীয়াৰী বোৱাৰীৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিল চাও আহকচোন ।

Etv BharatCommonwealth Games 2022
Etv Bharatবোকাময় পথেৰে যাত্ৰা কৰি সপোন দিঠক হ’ল টেঙাবাৰীৰ নয়নমণিৰ

গোলাঘাট, 4 আগষ্ট : সকলোৰে চকুৰ মণি নয়নমণি শইকীয়া ৷ কমনৱেল্থ গেমছত লন বলত প্ৰথমবাৰৰ ভাৰতৰ হৈ সোণৰ পদক আজুৰি আনিলে নয়নমণিয়ে (Gold Medallist Nayanmoni Saikia) ৷ অসমীয়া সমাজত এষাৰ কথা আছে, ‘‘মন কৰিলেই ছন, বাকৰি মাটিতো ধন’’ । এই আপ্ত বাক্যশাৰী অনুসৰণ কৰিয়েই নয়নমণি আজি সুদূৰ ইংলেণ্ডত অসমৰ লগতে ভাৰতবৰ্ষৰ নাম জিলিকাই তুলিবলৈ সক্ষম হৈছে ।

বোকাময় পথেৰে যাত্ৰা কৰি সপোন দিঠক হ’ল টেঙাবাৰীৰ নয়নমণিৰ

এটি প্ৰায় আঠ বছৰীয়া শিশুৰ মাতৃ হৈয়ো ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত (Commonwealth Games 2022) হৈ থকা লনবল প্ৰতিযোগিতাত সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে নয়নমণি শইকীয়াই । নয়নমণি শইকীয়া সৰুৰে পৰা ভাৰোত্তলন খেলৰ প্ৰতি আগ্ৰহী আছিল । নয়নমণিয়ে সৰুপথাৰৰ চুকাফা ক্লাৱত ভাৰোত্তলনৰ প্ৰশিক্ষণ লৈছিল ।

2000 চনৰ পৰা নয়নমণিয়ে ভাৰোত্তলন খেলৰ বাবে গোলাঘাট Sports Authority of India চমুকৈ SAI ত যোগদান কৰিছিল ৷ তাৰ পাচত 2005 চনত গুৱাহাটী SAI ত যোগাদান কৰে নয়নমণিয়ে । যদিও পিছত হাতৰ আঘাতৰ বাবে ভাৰোত্তলনৰ পৰিৱৰ্তে গুৱাহাটীত লনবল খেলৰ বাবে আগ্ৰহী হৈ পৰে নয়নমণি ।

লগতে পঢ়ক : CWG 2022: স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে অসমৰ নয়নমণিয়ে

পৰৱৰ্তী পৰ্যায়ত লনবলৰ প্ৰতি একান্ত আগ্ৰহ আৰু একাগ্ৰহতাৰ বাবে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হৈছিল নয়নমণি শইকীয়া । ক্ৰীড়াক্ষেত্ৰত দেখুওৱা ধাৰাবাহিক পাৰদৰ্শিতাৰ বাবে 2011 চনত নয়নমণিয়ে দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কনিষ্টবল পদতো নিযুক্তি লাভ কৰে ।

2013 চনত সৰুপথাৰৰ টেঙাহোলাৰ ভাস্কৰ গোহাঁইৰ সৈতে বিবাহ পাশত আবদ্ধ হয় নয়নমণিয়ে । বিবাহৰ পিছতো পিছলৈ ঘূৰি চোৱা নাছিল নয়নমণিয়ে । লনবলত এটাৰ পিছত এটা মেডেল আজুৰি আনিবলৈ সক্ষম হৈছিল এইগৰাকী প্ৰতিভাবান খেলুৱৈয়ে । নয়নমণি আৰু ভাস্কৰৰ এটি সাত বছৰীয়া কন্যা সন্তান আছে । নিজ কন্যা সদায়েই মাতৃৰ খেলক লৈ উৎফুল্লিত ।

নয়নমণিৰ এই যাত্ৰাত নিজ পিতৃ মাতৃৰ উপৰিও শাহুৱেক, স্বামীৰ উদ্যোগ লেখত ল’বলগীয়া । উল্লেখযোগ্য যে, নয়নমণিৰ শাহুৱেকো এথেলেটিকচত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আছিল । সমাজৰ অদূৰদৰ্শিতা আৰু এচাম লোকৰ বাবেই তেওঁ বিশেষভাৱে আগবাঢ়িব নোৱাৰিলে ।

সেই সময়ত শাহুৱেকে অনুশীলনৰ সময়ত হাফপেন্ট, লংপেন্ট পিন্ধাৰ বাবে একাংশ লোকে গালৈ শিল দলিয়াই বাধা প্ৰদান কৰিছিল । শাহুৱেকে নয়নমণিক প্ৰশংসা কৰি কয় খেলৰ সময়ত নয়নমণিয়ে যদিও হাফপেন্ট, লংপেন্ট পিন্ধিবলৈ বাধ্য হয় কিন্তু ঘৰত থকাৰ সময়চোৱাত চাদৰ-মেখেলা পিন্ধি নিজৰ সংস্কৃতিকো ৰক্ষা কৰি আহিছে । বৰ্তমান নয়নমণিয়ে অসমত নাৰী সকলৰ বাবে এক আদৰ্শ স্বৰূপ হৈ পৰিছে (Assam girl Nayanmoni Saikia won gold in CWG 22) ।

লগতে পঢ়ক : Nayanmoni Saikia will be rewarded as DSP: উপ-আৰক্ষী অধীক্ষক হ’ব নয়নমণি শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.