ETV Bharat / state

পুত্ৰ আৰু বোৱাৰীৰ অকথ্য নিৰ্যাতনৰ বলি হৈ সহায় ভিক্ষা অসহায় মাতৃৰ

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 12:49 PM IST

পুত্ৰ আৰু বোৱাৰীৰ অকথ্য নিৰ্যাতনৰ বলি হয় হুকহুকাই কান্দিলে এগৰাকী অসহায় মাতৃয়ে ৷ "মোক ল’ৰা বোৱাৰীয়ে খাবলৈ, থাকিবলৈ নিদিয়ে, মোক বিনা কাৰণত মাৰধৰ কৰে ৷ মোক সহায় কৰক..."

Etv BharatHelpless mother begs help
Etv Bharatপুত্ৰ আৰু বোৱাৰীৰ অকথ্য নিৰ্যাতনৰ বলি হৈ সহায় ভিক্ষা অসহায় মাতৃৰ
পুত্ৰ আৰু বোৱাৰীৰ অকথ্য নিৰ্যাতনৰ বলি হৈ সহায় ভিক্ষা অসহায় মাতৃৰ

গোলাঘাট, 13 ডিচেম্বৰ : "মোক ল’ৰা বোৱাৰীয়ে খাবলৈ, থাকিবলৈ নিদিয়ে, মোক বিনা কাৰণত মাৰধৰ কৰে...." অন কেমেৰা হুকহুকাই কান্দি এই কথা অকপটে স্বীকাৰ কৰে এগৰাকী মাতৃয়ে ৷ কিমান নিষ্ঠুৰ হ’লে এটা সন্তানে নিজ মাতৃৰ লগত এনে পশুৰ দৰে আচৰণ কৰিব পাৰে !

অসমীয়াত এষাৰ কথা আছে "আইৰ সমান হ'ব কোন নৈৰ সমান ব'ব কোন " ! মাতৃৰ মমতাৰ লগত একোৰে তুলনা নহয় ৷ কিন্তু সেইগৰাকীয়ে মাতৃয়ে যেতিয়া নিজ পুত্ৰৰ পৰা অৱেহিলত তাতোকৈ দুখৰ কথা আৰু একোৱেই হ’ব নোৱাৰে ৷ এইবাৰ গোলাঘাত জিলাত পুত্ৰ আৰু বোৱাৰীৰ অকথ্য নিৰ্যাতনৰ বলি হয় এগৰাকী অসহায় মাতৃয়ে সহায় ভিক্ষা মাগিছে ৷

এইগৰাকী বৃদ্ধা আইতাৰ বয়স প্ৰায় চাৰি কুৰি, হাতৰ লাখুটিডালত ভৰ দি কোনোমতে থৰক বৰককৈ খোজ কাঢ়িছে আইতাগৰাকীয়ে ৷ গোলাঘাট জিলাৰ বগীজান আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ওল্টাজানৰ বাসিন্দা এই আইতাগৰাকীৰ নাম কিৰণ গগৈ ৷ কিৰণ গগৈ দুটি পুত্ৰ আৰু এগৰাকী কন্যা আছিল ৷

বিগত প্ৰায় এবছৰৰ পৰা তেওঁক জ্যেষ্ঠ পুত্ৰ শৰৎ গগৈ আৰু ডাঙৰ বোৱাৰী লকুমণি গগৈয়ে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে বৃদ্ধাগৰাকীয়ে। তাৰ পিচতে আইতাগৰাকীয়ে অত্যাচাৰ সহ্য কৰিব নোৱাৰি কিছুকাল সৰু বোৱাৰী আৰু কন্যাৰ সৈতে বসবাস কৰিছিল যদিও পুনৰ বৰ পুত্ৰ আৰু বোৱাৰীয়েকে তেওঁক তেওঁলোকৰ লগত লৈ যায় ।

আইতাগৰাকীয়ে কোৱা অনুসৰি, তেওঁক এই অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ মূলতে সম্পত্তিৰ লোভ। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া নিশা উজাগৰে থাকিবলগীয়া হৈছে বৃদ্ধাগৰাকী।

অৱশেষত দুৰ্ভগীয়া আইতাগৰাকীয়ে সহিব নোৱাৰি এই সমগ্ৰ ঘটনাৰ বিষয়ে বগীজান আৰক্ষী থানাক বহুবাৰ অৱগত কৰাৰ পাচতো বগীজান আৰক্ষীয়ে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে । ইয়াৰোপৰি বৃদ্ধাগৰাকীয়ে গোলাঘাট জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰিছিল যদিও জিলা আয়ুক্তৰ পৰাও কোনোধৰণৰ সহাঁৰি লাভ কৰা নাই বুলি জানিবলৈ দিয়ে।

উপায়ন্তৰ হৈ মঙলবাৰে সাংবাদিকৰ কাষ চাপিবলৈ বাধ্য হয় বৃদ্ধাগৰাকী। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, নিজৰ জন্মদাত্ৰী মাতৃৰ ওপৰত চলোৱা পাষাণ পুত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে জিলা আয়ুক্ত তথা আৰক্ষী প্ৰশাসনে ?

লগতে পঢ়ক: সম্পত্তিৰ বাবেই শাহুৱেকক ঘৰৰ পৰা খেদিলে বোৱাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.