গোলাঘাট, 21 মাৰ্চ: গোলাঘাটৰ গেলাবিল সোণালী পথাৰত ৰাজপথতেই কাপোৰ ফালি পত্নীক অকথ্য নিৰ্যাতন স্বামীৰ ৷ পথৰ দাঁতিত পত্নীক বিবস্ত্ৰ কৰাৰ অভিযোগ স্বামী শুভ্ৰজিৎ গগৈৰ বিৰুদ্ধে (Harassment of wife by husband in public ) ৷ দীৰ্ঘদিন ধৰি এনে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে ব্যক্তিগৰাকীৰ বিৰুদ্ধে (Domestic violence case in Golaghat) ৷
বিবাহৰ মাত্ৰ তিনিমাহৰ পাছতেই স্বামীৰ এনে কৰ্মই হতচকিত কৰিছে সকলোকে ৷ সম্প্ৰতি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে নিৰ্যাতিতা মহিলাগৰাকী ৷ সন্দেহৰ বশৱৰ্তী হৈ স্বামীয়ে এনেদৰে অত্যাচাৰ কৰাৰ কথা নিজমুখে স্বীকাৰ কৰে মহিলাগৰাকীয়ে ৷
উল্লেখযোগ্য যে, এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ৷ তাৰপিছতে এই ঘটনাই এতিয়া গোলাঘাটৰ লগতে সমগ্ৰ ৰাজ্যতে তোলপাৰ লগাইছে ৷ আৰক্ষীয়ে এই ঘটনাৰ বিষয়ে জানিব পাৰি দোষীক কৰায়ত্ত কৰে ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে পত্নীক নিৰ্যাতন চলোৱা শুভ্ৰজিৎ গগৈ নামৰ স্বামীগৰাকী ৷
লগতে চাওক: লখিমপুৰত চোৰৰ চাফাই অভিযান