ETV Bharat / state

গোলাঘাটত 9 মাহ ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত অতিথি প্ৰবক্তা

গোলাঘাটত ইটোৰ পাচত সিটো কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত বাজিছে মৃত্যুৰ ঘন্টা ৷ 9 মাহ ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত অতিথি প্ৰবক্তা ৷ কাৰিকৰী প্ৰতিষ্ঠানটোত নাই কোনো ধৰণৰ চাৰি সীমা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৷

author img

By

Published : Aug 9, 2019, 5:35 PM IST

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত 9 মাহ ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত অতিথি প্ৰবক্তা

গোলঘাট, 9 আগষ্ট : গোলাঘাটৰ ইটোৰ পাচত সিটো কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত বাজিছে মৃত্যুৰ ঘন্টা ৷ গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পুলিবৰ গালৰ্চ পলিটেকনিকৰ পাচত এইবাৰ ক্ৰমাৎ বন্ধ হোৱাৰ দিশে গতি কৰিছে ফৰকাটিঙস্থিত গোলাঘাট পলিটেকনিক ৷ 2017 চনত আগষ্টত মাহত কাৰিকৰী শিক্ষাৰ পাঠ্যক্ৰম আৰম্ভ কৰা প্ৰতিষ্ঠানটোৰ 2 বছৰ উকলি যোৱাৰ পাচতো 26 গৰাকী প্ৰবক্তাৰ কেৱল এজন অধ্যক্ষ আৰু এজন প্ৰবক্তাইহে লাভ কৰিছে স্থায়ী নিযুক্তি ৷ বিপৰীতে 24 গৰাকী প্ৰবক্তা এতিয়াও অস্থায়ীৰূপে কৰ্মৰত আছে পলিটেকনিকখনত ৷ 530 শিক্ষাৰ্থীক শিক্ষাদান দিয়া এইসকল অতিথি প্ৰবক্তা বিগত 9 মাহৰ ধৰি বঞ্চিত প্ৰাপ্য দৰমহাৰ পৰা ৷

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত 9 মাহ ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত অতিথি প্ৰবক্তা

AICTE ৰ অনুমোদন প্ৰাপ্ত গোলাঘাট কাৰিকৰী প্ৰতিষ্ঠানটোখন বিভিন্ন সমস্যৰে জৰ্জৰিত হৈ আছে ৷ বিশেষকৈ প্ৰতিষ্ঠানটোত নাই চাৰি সীমাৰ বেৰ, নাই কোনোধৰণৰ জেনেৰেটৰ ব্যৱস্থা, নাই কোনো ছাত্ৰাৱাস, বিশুদ্ধ খোৱাপানী ৷ বিগত সাতমাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে প্ৰতিষ্ঠানখনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৷

Intro:গোলাঘাট জিলাৰ ফৰকাটিঙত থকা গোলাঘাট পলিটেকনিকত অতিথি প্ৰৱক্তাৰ হাঁহাকাৰ। 530 গৰাকী ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰা 24 গৰাকী অতিথি প্ৰৱক্তাই বিগত 9 মাহে লাভ কৰা নাই প্ৰাপ্য দৰমহা। AICTE ৰ অনুমোদন প্ৰাপ্ত ফৰকাটিঙৰ এই কাৰিকৰী প্ৰতিষ্ঠানটোও বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে। Body:গোলাঘাটত এটা এটাকৈ মৃতপ্ৰায় হৈ আহিছে কাৰিকৰী প্ৰতিষ্ঠানৰ। গোলাঘাট বগৰীজেঙৰ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পুলিবৰৰ গাৰ্লছ পলিটেকনিক প্ৰতিষ্ঠানৰ একপ্ৰকাৰ মৃত্যুঘন্টা বজাৰ পাছত এতিয়া বন্ধ হৈ পৰাৰ দিশে আগবাঢ়িছে ফৰকাটিঙৰ ভিতৰুৱা অঞ্চলত থকা গোলাঘাট পলিটেকনিক। 2017 চনৰ আগষ্টত কাৰিকৰী প্ৰতিষ্ঠানটোৰ পাঠ্যক্ৰম আৰম্ভ হল ঠিকেই কিন্তু প্ৰতিষ্ঠানটোত থকা 18 জন প্ৰৱক্তাৰ ভিতৰত কেৱল অধ্যক্ষ আৰু এজন প্ৰৱক্তা হে স্থায়ী নিযুক্তি প্ৰাপ্ত। আন 16 জন প্ৰৱক্তা অতিথি প্ৰৱক্তা । কিন্তু আচৰিত কথা এই 16 জন প্ৰৱক্তাই বিগত 9 মাহে লাভ কৰা নাই প্ৰাপ্য দৰমহা। প্ৰৱক্তা সকলৰ বাবে নাই আবাসগৃহ। কাৰিকৰী প্ৰতিষ্ঠানটোত নাই জেনেৰেটৰ। নাই চাৰি সীমাৰ বেৰা। নাই ছাত্ৰৰ আবাস । নাই বিশুদ্ধ খোৱাপানী। 530 ছাত্র ছাত্ৰীয় অধ্যয়ন কৰা প্ৰতিষ্ঠানটোত নাই চিকিৎসা ব্যৱস্থা। বিগত সাঁতমাহে দৰমহাৰ পৰা বঞ্চিত হৈ আছে 26 জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। দৰমহা নিদিয়াৰ বাবে ইতিমধ্যে প্ৰতিষ্ঠানটো ত্যাগ কৰিছে সুৰক্ষা কৰ্মীয়ে। গোলাঘাটৰ সাংবাদিকক মাতি নি প্ৰতিষ্ঠানটোৰ এই সমস্ত অভিযোগ উত্থাপন কৰিলে অতিথি প্ৰৱক্তা আৰু অধ্যয়নৰত ছাত্ৰ ছাত্ৰীয়ে। কোনো নিৰাপত্তা নথকা ফৰকাটিঙৰ এই কাৰিকৰী প্ৰতিষ্ঠানটো চৰকাৰৰ হেমাহীৰ বাবেই শীঘ্ৰে বন্ধ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। Conclusion:Byte_1_প্ৰৱক্তা
Byte_2_ছাত্ৰী
Byte_3_ছাত্ৰী
Byte_4_ ছাত্ৰ
Byte_5_ ছাত্ৰ
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.