ETV Bharat / state

হাতী মানুহৰ সংঘাতঃ ধলাগুৰি বাগিচাত বিফল হ’ল অভিনৱ কৌশল

author img

By

Published : Nov 2, 2019, 6:33 PM IST

দীৰ্ঘদিন ধৰি অঞ্চলটোত চলি থকা বন্য হস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ তথা বাগিচাখন ৰক্ষা কৰিবলৈ এসপ্তাহ পূৰ্বে বিজুলী বনাঞ্চলৰ পৰা জনাঞ্চলত হাতী প্ৰৱেশ কৰা মূল পথটোত স্থাপন কৰিছিল এটা বৃহৎ জিৰাফৰ প্ৰতিমূৰ্তি ৷ কিন্তু যোৱা নিশাৰ পৰা বৰ্তমান পৰ্যন্ত মৰঙী পথাৰ, ধলাগুৰি অঞ্চলত উপদ্ৰৱ কৰি থকা এটা ৮০-৯০ জনীয়া বৃহৎ বনৰীয়া হাতীৰ জাকে ভাঙি লণ্ড-ভণ্ড কৰে জিৰাফৰ প্ৰতীকী মূৰ্তিটো ।

হাতী মানুহৰ সংঘাতঃ ধলাগুৰি বাগিচাত বিফল হ’ল অভিনৱ কৌশল

গোলাঘাট, 2 নৱেম্বৰঃ বিফল হ’ল গোলাঘাটৰ ধলাগুৰি বাগিচাত হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰহণ কৰা অভিনৱ কৌশল ৷ জিৰাফৰ মূৰ্তি ভাঙি লণ্ড-ভণ্ড কৰিলে হাতীৰ জাকে ৷ বাগিচাখনত অৱস্থান বৃহৎ বন্যহস্তীৰ জাকৰ ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলটোত চলি থকা বন্য হস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ তথা বাগিচাখন ৰক্ষা কৰিবলৈ এসপ্তাহ পূৰ্বে বিজুলী বনাঞ্চলৰ পৰা জনাঞ্চলত হাতী প্ৰৱেশ কৰা মূল পথটোত স্থাপন কৰিছিল এটা বৃহৎ জিৰাফৰ প্ৰতিমূৰ্তি ৷ প্ৰতিমূৰ্তিটো স্থাপনৰ পিছতে বিগত কিছু দিন হাতীৰ জাকটোৱে কিছু পৰিমানে নিজৰ পথ সলনি কৰিছিল ৷ যাৰ বাবে বাগিচা কৰ্তৃপক্ষ আৰু স্থানীয় বাসিন্দাই কিছু পৰিমানে সকাহ পাইছিল । কিন্তু যোৱা নিশাৰ পৰা বৰ্তমান পৰ্যন্ত মৰঙী পথাৰ, ধলাগুৰি অঞ্চলত উপদ্ৰৱ কৰি থকা এটা ৮০-৯০ টা বনৰীয়া হাতীৰ বৃহৎ জাকে ভাঙি লণ্ড-ভণ্ড কৰে জিৰাফৰ প্ৰতীকী মূৰ্তিটো ।

ধলাগুৰি বাগিচাত বিফল হ’ল অভিনৱ কৌশল

আনহাতে এই ঘটনাৰ পিছতেই ৰাইজে শংকা প্ৰকাশ কৰিছে যে, নুমলীগড়ত চৰকাৰ প্ৰশাসনে অতিশীঘ্ৰে এই হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বিজ্ঞান সন্মত অত্যাধুনিক কৌশল অৱলম্বন নকৰিলে আৰু অধিক ভয়াবহ হৈ উঠিব হাতী মানুহৰ সংঘাত ৷

Intro:গোলাঘাটৰ ধলাগুৰি বাগিচাত হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰহণ কৰা অভিনৱ কৌশল বিফল হল ।জিৰাফৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰিলে হাতীৰ জাকে । বাগিচাখনত বৰ্তমানে অৱস্থান বৃহৎ বন্যহস্তীৰ জাক।।
গোলাঘাট ধলাগুৰি চাহ বাগিচাত বন্য হস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ হাতীৰ প্ৰৱেশ পথত স্থাপন কৰা জিৰাফৰ বৃহৎ মূৰ্তি টো আজি ভাঙি লণ্ডভণ্ড কৰে হাতীৰ এটা বৃহৎ জাকে। ধলাগুৰি বাগিচা কৰ্তৃপক্ষই দীর্ঘদিনে বাগিচা অঞ্চলটোত চলি থকা বন্য হস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ, নিজৰ বাগিচা খন, অঞ্চলটো ৰক্ষা কৰিবলৈ এসপ্তাহ পূৰ্বে বিজুলী বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা মূল পথটোত স্থাপন কৰিছিল এটা বৃহৎ জিৰাফৰ প্ৰতিমূৰ্তি । কিন্তু দুদিন মান হাতীৰ জাকে হয়তো ভয় খাই বা অচিনাকি জীৱৰ আকৃতি দেখি যদিও কিছু পৰিমানে গতি পথ সলনি কৰিছিল । যাৰ বাবে বাগিচা কৰ্তৃপক্ষ আৰু স্থানীয় অঞ্চলবাসী কিছু পৰিমানে সকাহ পাইছিল । কিন্তু যোৱা নিশাৰ পৰা বৰ্তমান পৰ্যন্ত মৰঙী পথাৰ, ধলাগুৰি অঞ্চলত উপদ্ৰৱ কৰি থকা এটা ৮০-৯০ জনীয়া বৃহৎ জাকে ভাঙি গচকী লণ্ডভণ্ড কৰে জিৰাফৰ প্ৰতীকী মূৰ্তিটো । এই কথাই প্ৰমাণ কৰিলে যে হাতীয়ে কোনো কাৰণতে নাপাহৰে নিজৰ পথ । যিমান বাধা দিলেও সেই পথেৰে এদিন যাবয়েই । আনহাতে নুমলীগড়ত চৰকাৰ প্ৰশাসনে অতিশীৰ্ঘে এই হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বিজ্ঞান সন্মত অত্যাধুনিক কৌশল অৱলম্বন নকৰিলে আৰু অধিক ভয়াবহ হৈ উঠিব হাতী মানুহৰ সংঘাত ।Body:Byte 1 , 2; স্থানীয়লোকConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.