গোলাঘাট,25এপ্ৰিলঃ বিশ্ববাসীৰ লগতে অসমতো ঠায়ে ঠায়ে 25 এপ্ৰিলৰ দিনটো পালন কৰা হয় বিশ্ব মেলেৰিয়া দিৱস হিচাপে । ইয়াৰ সমান্তৰালকৈ গোলাঘাটতো স্বাস্থ্য বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয় । মেলেৰিয়া দিৱস উপলক্ষে গোলাঘাট স্বাস্থ্য বিভাগে গোলাঘাট যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ পৰা গোলাঘাট নগৰ মাজেদি এক মেলেৰিয়া সজাগতা সমদল বাহিৰ কৰে । হাতে হাতে মেলেৰিয়া ৰোগ প্ৰতিৰোধৰ বিভিন্ন প্লে-কাৰ্ড লৈ সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মী সকলে বাহিৰ কৰে এই সমদল ।
গোলাঘাটত বিশ্ব মেলেৰিয়া দিৱস উদযাপন - চিকিৎসা কৰ্মী
বৃহস্পতিবাৰে বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয় । সমগ্ৰ বিশ্বৰ লগতে অসমৰ গোলাঘাটতো স্বাস্থ্য বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয় ।