ETV Bharat / state

গোলাঘাটত বিষাক্ত সুৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

প্ৰত্যেক দলৰে নিৰ্বাচনী ইস্তাহাৰত মদ মুক্ত ভাৰত গঢ়াৰ সংকল্প গ্ৰহণৰ দাবী মদ মুক্ত দাবী সমিতিৰ

author img

By

Published : Mar 27, 2019, 5:08 PM IST

গোলাঘাটত বিষাক্ত সুৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

গোলাঘাট,27মাৰ্চ: ৰাজপথত নাগাৰাৰ চাপৰত হাত চাপৰি বজাই নচাত ব্যস্ত এদল মহিলা ৷ কোনোধৰণৰ শোভাযাত্ৰা নহয়, এক ব্যতিক্ৰমী প্ৰতিবাদহে৷ বুধবাৰে এনেদৰেই গোলাঘাটত ঘৰৰ কাম এৰি ৰাজপথলৈ ওলাই আহিল শতাধিক গৃহিনী। বহুসময়ত সুৰাসক্ত স্বামী অথবা পুৰুষৰ পৰা নিৰ্যাতনৰ বলি হোৱা মহিলাসকলে বুধবাৰে এনেদৰেই বিষাক্ত চুলাই মদ আৰু লালীগুৰৰ বিৰোধিতা কৰি ব্যতিক্ৰমী কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে৷

গোলাঘাটত বিষাক্ত সুৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

উল্লেখ্য যে কিছুদিন পূৰ্বে বিষাক্ত চুলাই মদ সেৱন কৰি গোলাঘাট আৰু যোৰহাট জিলাত ডেৰ শতাধিকতকৈ অধিক মানুহৰ মৃত্যু হৈছিল। যাৰ পাচত এই চুলাই মদ আৰু লালীগুৰৰ বিৰোধিতা কৰি বহু সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে অসম মদ মুক্ত দাবী সমিতিয়ে। কিন্তু প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰিও লালীগুৰ আৰু মদ নিষিদ্ধ কৰাবলৈ সক্ষম নহ'ল মদ মুক্ত দাবী সমিতি। যাৰ বাবে বুধবাৰে অসম মদ মুক্ত দাবী সমিতিয়ে মহিলাৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে। লগতে মহিলাসকলে নিৰ্বাচনী ইস্তাহাৰত মদ মুক্ত ভাৰত গঢ়া অন্তৰ্ভুক্ত কৰিবলৈ প্ৰত্যেকটো দলকেই দাবী জনায়৷ ইপিনে প্ৰতিবাদৰ মাজে মাজে নাগাৰা আৰু বৰতালৰ ধ্বনিৰ লগতে নাগাৰা নামত অসমৰ পৰা সুৰামুক্ত কৰাৰ কথা উল্লেখ কৰি প্ৰতিবাদী ৰাইজে ৰাজপথ উত্তাল কৰে।

Golaghat 27.03.2019
SLUG : GOLAGHAT WOMEN MASSIVE PROTEST AGAINST ALCOHOL
A_GLT_806_27MAR_GOLAGHAT_MASSIVE_PROTEST_AGAINST_ALCOHOL_VISUAL_1_DIGANTA_SAHU
A_GLT_807_27MAR_GOLAGHAT_MASSIVE_PROTEST_AGAINST_ALCOHOL_BYTE_1_DIGANTA_SAHU
A_GLT_808_27MAR_GOLAGHAT_MASSIVE_PROTEST_AGAINST_ALCOHOL_BYTE_2_DIGANTA_SAHU
O. C. : গোলাঘাটত মদৰ বিৰুদ্ধে মহিলাৰ বৃহৎ প্ৰতিবাদ। মহিলাৰ প্ৰধান শত্ৰুটোৱে হৈছে মদ। ইয়াকে লৈ ঘৰৰ পৰা ৰাজপথ ভৰি পৰিল হাজাৰ হাজাৰ মহিলা। ৰাজপথত সুৰা মুক্ত অসম গঢ়াৰ বিভিন্ন শ্ল'গান দি গোলাঘাট নগৰৰ মাজেৰে বাহিৰ কৰে এক সমদল। ইয়াৰ উপৰিও ভাৰতবৰ্ষক মদ মুক্ত ৰাষ্ট্ৰ হিচাপে গঢ়াৰ লক্ষ্যৰে প্ৰত্যেক ৰাজনৈতিক দলক নিৰ্বাচনী ইস্তাহাৰত মদ মুক্ত ভাৰত গঢ়া অন্তৰ্ভুক্ত কৰিবলৈ দাবী।
V.O. : এইবাৰ ঘৰৰ কাম এৰি ৰাজপথত ভৰি দিলে ঘৰৰ গৃহিনীয়ে। মদৰ বাবে বিভিন্ন সময়ত সঘনাই লঞ্ছনা-বঞ্ছনা হ'ব লগা হয় মহিলা। মহিলাৰ প্ৰধান শত্ৰুটোৱে হৈছে মদ। যাৰবাবে গোলাঘাটৰ ৰাজপথত ভৰি পৰিল হাজাৰ হাজাৰ মহিলা। বহুসময়ত মহিলাই সুৰা সক্ত স্বামী, পুৰুষৰ পৰা নিৰ্যাতন হব লগীয়া হয়। উল্লেখ্য যে বিষাক্ত চুলাই মদ সেৱন কৰি গোলাঘাট আৰু যোৰহাট জিলাত ডেৰ শতাধিকতকৈ অধিক মানুহ মৰিছিল। এই চুলাই মদ আৰু লালীগুৰৰ বিৰোধিতা কৰি বহু সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে অসম মদ মুক্ত দাবী সমিতিয়ে। প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰি আহিও লালীগুৰ আৰু মদ নিষিদ্ধ কৰাবলৈ সক্ষম নহ'ল মদ মুক্ত দাবী সমিতিয়ে। যাৰবাবে বুধবাৰে অসম মদ মুক্ত দাবী সমিতিয়ে বৃহৎ মহিলাৰ এটা দলক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ মাজে মাজে মহিলা সকলে নেগেৰা নাম লৈ ৰাজপথত হাত চাপৰি বজাই নচাত ব্যস্ত। নেগেৰা নামতো অসমৰ পৰা সুৰা মুক্ত কৰাৰ কথা উল্লেখ কৰে প্ৰতিবাদী ৰাইজে। প্ৰশাসন আৰু অসম চৰকাৰক কঠোৰ সকিয়নী অসম মদ মুক্ত দাবী সমিতিৰ অসমৰ পৰা বিলাতী মদ, চুলাই, নতুন দেশীয় মদ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰি অসমখনক সুৰা মুক্ত কৰি তোলক। মহিলা সকলৰ দাবী নিৰ্বাচনী ইস্তাহাৰত মদ মুক্ত ভাৰত গঢ়া অন্তৰ্ভুক্ত কৰক, যিটো দলেই মদ মুক্ত ভাৰত গঢ়াৰ সংকল্প ল'ব তেওঁলোককে সমৰ্থন জনাব অন্যথা ভোট বৰ্জন কৰিব প্ৰতিবাদী মহিলাসকলৰ লগতে অসম মদ মুক্ত দাবী সমিতিয়ে। 
Byte 1: প্ৰবীন দাস, সভাপতি অসম মদ মুক্ত দাবী সমিতি।
Byte 2: মহিলা প্ৰতিবাদ কাৰী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, ETV Bharat অসম।

বি: দ্ৰ: --- ভিজুৱেল বাইট mojoত গ'ল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.