গোলাঘাট,18জুনঃ গোলাঘাটত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ উথাপন কৰি সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। গোলাঘাটৰ খুমটাইত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। গোলাঘাটৰ খুমটাই ধোদৰ আলি আৰু বাদুলিপাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী শ্বহীদ কেপ্টেইন জিন্টু গগৈ পথত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতত দুই এটা শিল দিয়েই দায়িত্ব সামৰিব বিচৰা কাৰ্যক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ৰাইজৰ অভিযোগ পুনৰবাৰ শ্বহীদক অপমান কৰিলে বৰ্তমানৰ চৰকাৰখনে। দেশ ৰক্ষা কৰিবলৈ গৈ প্ৰাণ আহুতি দিয়া খুমটাইৰ বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ নামত উৎসৰ্গিত কৰা হৈছিল খুমটাই বাদুলিপাৰ সংযোগী কেপ্টেইন জিন্টু গগৈ পথ। ৰাইজৰ অভিযোগ অনুসৰি প্ৰতি বছৰে পথছোৱা মেৰামতিৰ বাবে আৱন্টন হোৱা সৰহভাগ ধনেই লুটিপুতি খাই একাংশ ৰাজনৈতিক নেতা আৰু সংশ্লিষ্ট বিভাগৰ কৰ্মচাৰী আৰু ঠিকাদাৰে। যাৰবাবে পথছোৱা স্থায়ী সমাধানৰ পৰিৱৰ্তে মেৰামতি কৰাৰহে চিন্তা কৰা হয় বুলি অভিযোগ স্থানীয় ৰাইজৰ। উল্লেখ্য যে ২০১৮ বৰ্ষৰ প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিন্টু গগৈৰ মাতৃক পথছোৱা নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু বৰ্তমানো পথছোৱা নিৰ্মাণ নোহোৱাত ক্ষুব্ধ হৈ স্থানীয় ভোলাগুৰি আৰু কাষৰীয়া অঞ্চলৰ একাংশ মহিলাই পথ মেৰামতি কৰিবলৈ অহা ঠিকাদাৰক খেদি পঠিয়াই। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সমালোচনা কৰে উপস্থিত ৰাইজে।
পথ মেৰামতি কৰিবলৈ অহা ঠিকাদাৰক পহুখেদা মহিলাৰ
খুমটাইৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈ পথ নিৰ্মাণক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। গোলাঘাটৰ খুমটাই ধোদৰ আলি আৰু বাদুলিপাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী শ্বহীদ কেপ্টেইন জিন্টু গগৈ পথত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতত দুই এটা শিল দিয়েই দায়িত্ব সামৰিব বিচৰা কাৰ্যক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । যাৰ বাবে স্থানীয় ভোলাগুৰি আৰু কাষৰীয়া অঞ্চলৰ একাংশ মহিলাই পথ মেৰামতি কৰিবলৈ অহা ঠিকাদাৰক খেদি পঠিয়াই।