ETV Bharat / state

দুখীয়াক খাদ্য সামগ্ৰী বিতৰণ গোলাঘাট আৰক্ষীৰ - গোলাঘাট জিলা

মানৱীয়তাৰ জ্বলন্ত নিদৰ্শন দাঙি ধৰিলে গোলাঘাট আৰক্ষীয়ে। উপাৰ্জনৰ এক অংশৰে দুখীয়া লোকক ঘৰতে খাদ্য সামগ্ৰী যোগানৰ ব্যৱস্থা কৰিছে গোলাঘাট আৰক্ষীয়ে।

গোলাঘাট আৰক্ষী
গোলাঘাট আৰক্ষী
author img

By

Published : Mar 27, 2020, 9:15 PM IST

গোলাঘাট,27 মাৰ্চ : গোলাঘাট আৰক্ষীৰ এক আদৰ্শনীয়া পদক্ষেপ। গোলাঘাট জিলা সদৰ আৰক্ষী থানাৰ দৃশ্য এয়া। আৰক্ষীৰ এমাহৰ দৰমহাৰ পৰা ১০ শতাংশৰে ঘৰত আবদ্ধ হৈ থকা দুখীয়া লোকৰ মাজত চাউল,দাইল,আৰু আলু পিয়াঁজ বিতৰণ কৰে আৰক্ষীয়ে। দুখীয়া লোকে যাতে লকডাউনৰ সময়ত অনাহাৰে দিন কটাবলগীয়া নহয় তাৰ বাবে সু-ব্যৱস্থা কৰে গোলাঘাট আৰক্ষীয়ে। এটা পৰিয়ালৰক প্ৰায় 10/15 দিনৰ বাবে খাদ্য সামগ্ৰী প্ৰদান কৰাৰ লগতে এনেদৰে চহৰখনৰ ভিন্ন প্ৰান্তত কৰ্তব্যৰত আৰক্ষীয়ে বিতৰণ কৰিছে খাদ্য সামগ্ৰী । উল্লেখ্য যে,আজিৰ দিনটোত আৰক্ষীয়ে প্ৰায় 200 পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে।

লগতে পঢ়কঃ 10 মহীয়া কেঁচুৱাৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.