গোলাঘাট, 3 ডিচেম্বৰঃ গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা ৷ যোৱা ৬ ডিচেম্বৰত দেৰগাঁৱৰ ইউ.বি.আই বেংকত লুটপাত চলোৱা ছয় কুখ্যাত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষীয়ে ৷ যোৱা ২৮ ডিচেম্বৰত এক গোপন সূত্ৰৰ জৰিয়তে আৰক্ষীয়ে ডিমাপুৰৰ পৰা এটা চোৰক কাৰায়ত্ব কৰাৰ পিচতেই বেংকৰ লুটপাতৰ লগত জড়িত থকা বৰপেটাৰ ১৩ জনীয়া এটা চোৰৰ দলৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷ ইয়াৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ছজন কুখ্যাত বেংক ডকাইতৰ লগত জড়িত নজিবুল ইছলাম, চাহাৰুদ্দিন আলি, ফাৰুক আলি, ইমৰাণ আলি, ৰজক আলি আৰু চাহিদুল ইছলাম।
আনহাতে বেংকত লুটপাতৰ সময়ত ব্যৱহাৰ কৰা গেছ কাটাৰ, এখন টাটা চুমু, এখন ইন'ভা, এখন ট্ৰেক্টৰ আৰু বিভিন্ন সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় । গোলাঘাট আৰক্ষীয়ে বৰপেটা আৰক্ষীৰ সহযোগত তদন্ত কৰি গ্ৰেপ্তাৰ কৰা ছয় ডকাইতৰ দলটোক। ইফালে গোলাঘাট আৰক্ষীয়ে পশ্চিম বংগ আৰক্ষীৰ সহযোগত জলপাইগুড়িৰ পৰা দুটা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, উক্ত বেংকৰ পৰা লুটপাত চলোৱা ১৯ লাখ ৩০ হাজাৰ টকাৰে চোৰে ক্ৰয় কৰা বহু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।