গোলাঘাট,15আগষ্ট : গোলাঘাটত তীব্ৰ উত্তেজনা ৷ গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ ইন্দ্ৰপুৰত বুধবাৰে সন্ধিয়া দুজন এন এচ চি এনৰ সদস্যই প্ৰৱেশ কৰি ধন দাবী কৰে অঞ্চলবাসীক ৷ এই ঘটনাৰ পাছতেই অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ ৷ চি আৰ পি এফ বাহিনীৰ তহলৰ মাজতেই নগা উগ্ৰপন্থী সংগঠনৰ বুলি সন্দেহ কৰা থাংযাম' লুথা আৰু এলানথাং নামৰ যুৱক দুজনক স্থানীয় ৰাইজে আটক কৰি উত্তম-মধ্যম শোধাই ৷
উল্লেখ্য যে, পূৰ্বতেও উক্ত গাঁওখনত ধনদাবী কৰিবলৈ আহি আটক হৈছিল থাংযাম' লুথা নামৰ এন এচ চি এনৰ সদস্যজন । ইফালে,ঘটনাস্থলীৰ পৰা চি আৰ পি এফে সদস্য দুজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে ৷