ETV Bharat / state

নুমলীগড় NRLৰ মাৰ্কেটিং টাৰ্মিনেলত স্বাস্থ্য বিভাগৰ স্বাৱ পৰীক্ষণ - Golaghat corona latest news

কাৰ্যবাহী দণ্ডাধীশ নীতিশা বৰাৰ নেতৃত্বত এটা চিকিৎসকৰ দলে এই পৰীক্ষণ চলায় ৷ এনেদৰে এতিয়া কৰ'ণা মহামাৰীৰ গণ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ সমান্তৰালকৈ গোলাঘাট জিলা স্বাস্থ্য বিভাগো তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷

Golaghat
নুমলীগড় NRL ৰ মাৰ্কেটিং টাৰ্মিনেলত স্বাস্থ্য বিভাগৰ স্বাৱ পৰীক্ষণ
author img

By

Published : Jun 23, 2020, 12:32 PM IST

গোলাঘাট, 23 জুনঃ ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে কোভিড১৯ত আক্ৰান্ত লোকৰ সংখ্যা । গোলাঘাট তথা নুমলীগড়তো ইজনৰ পিছত সিজন লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে । সেয়ে গোলাঘাট জিলা স্বাস্থ্য বিভাগ তথা বোকাখাট মহকুমা স্বাস্থ্য বিভাগে স্পৰ্শকাতৰ অঞ্চলসমূহত কৰ'ণাৰ ধাৰাবাহিক পৰীক্ষণ চলায় । এই পৰীক্ষাত স্বাস্থ্য বিভাগে নুমলীগড়ৰ NRLৰ মাৰ্কেটিং টাৰ্মিনেলকো সাঙুৰি লয় ।

নুমলীগড় NRL ৰ মাৰ্কেটিং টাৰ্মিনেলত স্বাস্থ্য বিভাগৰ স্বাৱ পৰীক্ষণ

NRLৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ কেইবাজনো লোক কোভিড ১৯ ত আক্ৰান্ত হোৱাৰ বাবেই NRL টাৰ্মিনেললৈ অহা টেংকাৰৰ চালক,হেণ্ডিমেন আৰু বহিঃৰাজ্যৰ কৰ্মচাৰীসকলৰ স্বাৱ পৰীক্ষণ কৰে । কাৰ্যবাহী দণ্ডাধীশ নীতিশা বৰাৰ নেতৃত্বত এটা চিকিৎসকৰ দলে এই পৰীক্ষণ চলায় ৷ এনেদৰে এতিয়া কৰ'ণা মহামাৰীৰ গণ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ সমান্তৰালকৈ গোলাঘাট জিলা স্বাস্থ্য বিভাগো তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ সৌৰভ দাসৰ পৰিয়ালক 5 লাখৰ চেক প্ৰদান উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.