ETV Bharat / state

বিধায়ক মৃণাল শইকীয়ালৈ বিশেষ উপহাৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ - অভিনেতা

গোলাঘাট জিলাৰ মেৰাপানী চাউদাং পথাৰ কাৰিকৰী প্ৰতিষ্ঠান কেন্দ্ৰই বিধায়ক মৃণাল শইকীয়াক উপহাৰ দিলে এখন বিশেষ নাও । বানাক্ৰান্তক সহায় কৰা বাবে বিধায়কগৰাকীৰ দিয়া হ'ল এই বিশেষ নাওখন ।

বিধায়ক মৃণাল শইকীয়ালৈ বিশেষ উপহাৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ
author img

By

Published : Jul 19, 2019, 1:55 PM IST

গোলাঘাট,১৯জুলাই : ৰাজ্যৰ প্ৰতিখন জিলাত বানে চলাইছে সন্ত্ৰাস । বানৰ কৱলত শতাধিক লোক । বানাক্ৰান্তক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বলিউদ অভিনেতাৰ পৰা আৰম্ভ কৰি সাধাৰণ নাগৰিকলৈকে । বানাক্ৰান্তসকলৰ সুবিধাৰ্থে গাঁৱলীয়া এটা প্ৰতিষ্ঠানে সাজি উলিয়াইছে এখন ব্যতিক্ৰমী নাও । গোলাঘাট জিলাৰ মেৰাপানী চাউদাং পথাৰ কাৰিকৰী প্ৰতিষ্ঠান কেন্দ্ৰই সাজি উলিওৱা এই নাওখন প্ৰয়োজন অনুসৰি সৰু-ডাঙৰ কৰাৰো ব্যৱস্থা আছে । বিধায়ক মৃণাল শইকীয়াই বান বিধস্ত এলেকাত নিৰবিচ্ছিন্নভাৱে আগবঢ়োৱা সেৱাৰ বাবে প্ৰতিষ্ঠানটোৱে উপহাৰ হিচাপে বিধায়কক প্ৰদান কৰিছে এই নাওখন । 72 কিলোগ্ৰাম ওজনৰ নাওখনত 6/7 জন লোকে যাব পৰাৰ লগতে 400 ৰ পৰা 450 কিলোগ্ৰাম সামগ্ৰী কঢ়িয়াব পৰাও ব্যৱস্থা কৰা হৈছে । নাওখনৰ বিশেষত্ব হ’ল,নাওখনত পানী নোসোমাই আৰু মাজতে দুভাগ কৰি দাঙি লৈ যাব পাৰি নাওখন । লো, প্লেন শ্বীটৰে নিৰ্মিত নাওখন চাৰিচকীয়া বাহনতো লৈ যাব পৰাৰ ব্যৱস্থা আছে ।

Intro: অসমৰ 31 খন জিলা ভয়াবহ বানে ধুই নিয়াৰ সময়তে বানপানীত অধিক সুবিধা হোৱাকৈ গাৱলীয়া এটা প্ৰতিষ্ঠানে সাঁজি উলিয়াইছে এখন ব্যতিক্ৰমী নাও । যিখন নাওঁ সময়ত ফল্ডিং কৰি দাঙি লৈ যাব পাৰিব । গোলাঘাট জিলাৰ মেৰাপানী চাউদাং পথাৰ কাৰিকৰী প্ৰতিষ্ঠান কেন্দ্ৰই আজি এখন বিশেষ ভাৱে নিৰ্মিত লোহাৰ নাওঁ । বিধায়ক মৃণাল শইকীয়াই বান বিধস্ত এলেকাত নিৰবচিন্ন ভাৱে আগবঢ়োৱা সেৱাৰ প্ৰতি উদ্বোদ্ধ হৈ প্ৰতিষ্ঠানটোৱে উপহাৰ হিচাপে বিধায়কক প্ৰদান কৰিছে বিশেষ নাওখন । নাওখনৰ ওজন 72 কিলো । 6/7 জন লোক যাব পাৰিব নাওখনত । 400 ৰ পৰা 450 কিলো সামগ্ৰী কঢ়িয়াব পাৰিব নাওখনত । নাওখনৰ বিশেষত্ব হল পানী নোসোমাই আৰু মাজতে দুভাগ কৰি দাঙি লৈ যাব পাৰি নাওখন । সম্পূৰ্ণ লোৰে নিৰ্মিত নাওখন । এখন টাটা চুমু বা স্কৰ'পিঅ গাড়ীত ভৰাই লৈ যাব পাৰিব এই বিশেষ নাওখন ।Body:Byte 1 :2 : সদস্য ( চাউদাং পথাৰ কাৰিকৰী প্ৰতিষ্ঠান কেন্দ্ৰ )
Byte 3 : মৃনাল শইকীয়া Conclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv bharat ,অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.