ETV Bharat / state

নুমলীগড়ত বন্য হস্তী খেদাত ব্যস্ত গাঁওবাসী - Golaghat Elephant Terror Etv News Assam

দিনে নিশাই হাতী খেদাত ব্যস্ত সকলোৱে। । নিৰ্বিকাৰ বন বিভাগ । যিকোনো মুহূৰ্ততে অঘটন সংঘটিত হোৱা আশংকাই দেখা দিছে অঞ্চলটোত ৷

নুমলীগড়ত বন্য হস্তী খেদাত ব্যস্ত গাঁওবাসী

author img

By

Published : Mar 7, 2020, 2:23 PM IST

গোলাঘাট, 7 মাৰ্চঃ গোলাঘাটৰ নুমলীগড় চাহ বাগিচাৰ কাষৰ পাইপ লাইন এলেকাত নিশা পুৰুষ-মহিলা সকলো ওলাই আহিবলগীয়া হৈছে হাতী খেদিবলৈ ৷ কিয়নো কাৰ্বি পাহাৰৰ পৰা নামি অহা পোৱালি সহ 50-60 টা বন্য হস্তীৰ জাকে দিনে-নিশাই বহু ঘৰ বাৰী খেতি পথাৰ তহিলং কৰি আহিছে।

নুমলীগড়ত বন্য হস্তী খেদাত ব্যস্ত গাঁওবাসী

কেবাদিনো ধৰি পোৱালিসহ বন্যহস্তীৰ জাকটোৱে অৱস্থান কৰি আছে নুমলীগড়ৰ সমীপৰ গাঁওসমূহত। হাতীৰ জাকটোক খেদি পঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে স্থানীয় লোকসকলে । কিন্তু বাৰে বাৰে বিফল হৈছে কাৰণ হাতীৰ জকটোক যিমানেই খেদিছে হাতীৰ জাকটোৱেও উভতি ধৰি খেদিছে মানুহক। যিকোনো মুহূৰ্ততে অঘটন সংঘটিত হোৱা আশংকাই দেখা দিছে অঞ্চলটোত ৷

ইফালে হাতীৰ জাকটোৰ ভয়ত বাগিচা সমূহত কাম কৰিবলৈ ভয় কৰা হৈছে শ্ৰমিক সকলে। হাতীৰ জাকটোক আঁতৰাই পঠাবলৈ বন বিভাগে লোৱা নাই কোনো ব্যৱস্থা । এনেদৰে এতিয়া অব্যাহত আছে জীৱন মৰণৰ যুঁজ । এফালে খাদ্য আৰু বাসস্থানৰ অভাৱত পৰা হাতীৰ জাক আনফালে নিজৰ ঘৰ,খেতি পথাৰ খন বচাবলৈ চেষ্টা কৰি থকা অসহায় জনতা । এইয়া যেন এতিয়া নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে নুমলীগড়ত ৷

লগতে পঢ়কঃ বাজেটত ঘোষিত আচনিৰ ধন ক'ৰ পৰা আহিবঃ ডঃ দেৱজিৎ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.