গোলাঘাট,20 চেপ্তেম্বৰ: গোলাঘাটৰ নামবৰ অভয়াৰণ্যত উদ্ধাৰ এজনী হাতীৰ মৃতদেহ ৷ গোলাঘাটৰ থুৰামুখ অঞ্চলৰ অতি দুৰ্গম এলেকা বৰথোৱাত সংঘটিত হৈছে এই ঘটনা ৷ মৃত হাতীটো মাইকী বুলি ধাৰণা কৰিছে প্ৰত্যক্ষদৰ্শীয়ে ৷ মৃতদৃহটোৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধলৈ লক্ষ্য ৰাখি কেইবাদিনৰ পূৰ্বেই হাতীজনীৰ মৃত্যু হোৱাৰ সন্দেহ ৰাইজৰ ৷ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই হাতী জনীৰ মৃত্যুৰ কাৰণ ৷
উল্লেখ্য যে মৃতদেহটো উদ্ধাৰ কৰিবৰ বাবে এটা প্ৰায় ত্ৰিশ ফুট দৈঘ্যৰ পানী যুৱলি পাৰ হোৱাৰ ব্যৱস্থা কৰিব নোৱাৰাৰ বাবেই নিধিৰাম চৰ্দাৰৰ ভূমিকা গ্ৰহণ কৰিছে বনবিভাগে ৷ বৰ্তমানলৈকে অক্ষত অৱস্থাতে আছে মৃত হাতীজনীৰ দাঁত ৷ বনবিভাগে হাতীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতো সম্পূৰ্ণ এটা দিন জানটোৰ পাৰত পৰ দিয়েই অতিবাহিত কৰাৰ অভিযোগ ৰাইজৰ ৷