ETV Bharat / state

গোলাঘাটত যৌতুকৰ দাবীত বোৱাৰীক হত্যাৰ চেষ্টা

গোলাঘাটত যৌতুকৰ দাবীত বিবাহৰ এসপ্তাহৰ পাছতেই বোৱাৰীক অকথ্য নিৰ্যাতন, শহুৰ - শাহুৰ আৰু স্বামীয়ে মিলি হত্যাৰ চেষ্টা, আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকা

author img

By

Published : Aug 3, 2019, 8:45 PM IST

গোলাঘাটত যৌতুকৰ দাবীত বোৱাৰীক হত্যাৰ চেষ্টা

গোলাঘাট, 3 আগষ্টঃ গোলাঘাটত যৌতুকৰ দাবীত বিবাহৰ এসপ্তাহৰ পাছতেই বোৱাৰীক অকথ্য নিৰ্যাতন ৷ অভিযোগ মতে, জিলাখনৰ কঁহৰা আৰক্ষী থানাৰ অন্তৰ্গত দ গাঁৱৰ যোগানন্দ গগৈ নামৰ এজন লোকে যোৱা 25 ফেব্ৰুৱাৰীত মৃদুলা বৰাৰ সৈতে সামাজিকভাৱে বিবাহপাশত আৱদ্ধ হৈছিল ৷ কিন্তু বিয়াৰ এসপ্তাহৰ পাছতেই যৌতুক দাবী কৰি শাৰীৰিক মানসিকভাৱে অকথ্য নিৰ্যাতন চলোৱা আৰম্ভ কৰিছিল স্বামী যোগানন্দ গগৈৰ লগতে শহুৰ ধীৰেন গগৈ আৰু শাহু মঞ্জু গগৈয়ে ৷ উল্লেখযোগ্য যে, যোৱা 27 জুলাইত স্বামী আৰু শহুৰ শাহুৱে মিলি এটা কোঠাত দৰ্জা মাৰি মহিলা গৰাকীক শাৰীৰিক ভাৱে নিৰ্যাতন চলাই হত্যাৰ চেষ্টা কৰে ৷ ইয়াৰ পাছতে মহিলা গৰাকীৰ পৰিয়ালে ঘটনাৰ বিষয়ে জানিব পাৰি প্ৰথমে কঁহৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সহায় কৰাৰ বাবে আহবান জনাই ৷ কিন্তু আৰক্ষী বিষয়া জনে উলোটাই অভিযোগ দিবলৈ যোৱা সকলকহে ধমকি দিয়ে বুলি ভাতৃ ৰমেন বৰাই জানিবলৈ দিয়ে । আনহাতে বৰ্তমান গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মৃদুলা বৰা চিকিৎসাধীন হৈ আছে ৷ এনে পৰিস্থিতিত কঁহৰা আৰক্ষীয়ে নিৰ্যাতনকাৰী স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

Intro:গোলাঘাটত যৌতুকৰ দাবীত মহিলাক অকথ্য নিৰ্যাতন। বিবাহৰ এসপ্তাহৰ পিছৰে পৰাই যৌতুক দাবী কৰি মহিলাক নিৰ্যাতন। গোলাঘাট জিলাৰ কঁহৰা আৰক্ষী থানাৰ অন্তৰ্গত দ গাঁৱৰ যোগানন্দ গগৈয়ে পত্নী মৃদুলা বৰাক শাৰিৰীক নিৰ্যাতন চলোৱাৰ ফলত বৰ্তমান চিকিৎসাধীন হৈ আছে গোলাঘাটৰ চিকিৎসালয়ত। স্বামীৰ লগতে শহুৰ আৰু শাহুয়ে মিলি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ। মহিলা নিৰ্যাতনৰ বিষয়ে আৰক্ষীক অৱগত কৰিবলৈ যোৱা পৰিয়ালৰ লোকক আৰক্ষীয়ে দু ব্যৱহাৰ কৰাৰ অভিযোগ। Body:গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এতিয়া চিকিৎসাধীন এগৰাকী মহিলা। গোলাঘাট জিলাৰ কঁহৰা আৰক্ষী থানাৰ অন্তৰ্গত দ গাঁৱৰ যুৱক যোগানন্দ গগৈয়ে যোৱা ২৫ ফেব্ৰুৱাৰীত মৃদুলা বৰাক সামাজিকভাৱে বিবাহ কৰাইছিল। বিবাহৰ এসপ্তাহৰ পিছৰ পৰাই যৌতুক দাবী কৰি অকথ্য নিৰ্যাতন চলাই আহিছে স্বামী যোগানন্দ গগৈ শহুৰ ধীৰেন গগৈ শাহু মঞ্জু গগৈয়ে। শাৰীৰিক মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল যদিও সকলো নীৰৱে সহ্য কৰি আহিছিল মৃদুলা বৰাই। কিন্তু শেহতীয়াকৈ যোৱা ২৭ জুলাইত উল্লেখিত আটাই কেইজনে মিলি এটা কোঠাত দৰ্জা মাৰি শাৰীৰিক ভাৱে নিৰ্যাতন চলাই হত্যাৰ চেষ্টা কৰে। মৃদুলাক মাৰ পিট কৰি থকাৰ অৱস্থাতে ঘটনাৰ বিষয়ে মাতৃগৃহক জনাবলৈ ফোন কৰোতেই স্বামী যোগানন্দ বৰাই মবাইল ফোন কাঢ়ি লৈ ভাঙি পেলাই। ফোনত ভাতৃ ৰমেন বৰাক কেৱল "মোক ইয়াৰ পৰা লৈ যা , নহলে মোক ইহঁতে মাৰি পেলাব।" বুলি অত্যাচাৰৰ কথা কোনোমতে জনাব পাৰিলে। ভাতৃ ৰমেন বৰাই এই দুটা বাক্য শুণিয়েই প্ৰথমে কঁহৰা আৰক্ষী থানাত প্ৰৱেশ কৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সহায় কৰাৰ আহবান জনাই। আৰক্ষী বিষয়া জনে ওলোটা অভিযোগ দিবলৈ যোৱা সকলকহে ধমক দিয়ে বুলি ভাতৃ ৰমেন বৰাই জানিবলৈ দিয়ে। যোৱা ১ আগষ্টত কঁহৰা আৰক্ষী চকীত মৃদুলা বৰাই তেওঁক হত্যাৰ চেষ্টা কৰা স্বামী শহুৰ আৰু শাহুৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। বৰ্তমান গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মৃদুলা বৰাই স্বামী গৃহৰ বিৰুদ্ধে আৰক্ষীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। Conclusion:Byte_1_মৃদুলা বৰা।
Byte_2_ৰমেন বৰা।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.