ETV Bharat / state

ঐতিহাসিক ধোদৰ আলিলৈ ভাবুকি কঢ়িয়াইছে ধনশিৰিয়ে - ঐতিহাসিক ধোদৰ আলিলৈ ভাবুকি কঢ়িয়াইছে ধনশিৰিয়ে

গোলাঘাটৰ কমাৰগাঁৱত ধনশিৰি নৈৰ প্ৰবল গৰাখহনীয়া ৷ শংকিত স্থানীয় ৰাইজ ৷

ঐতিহাসিক ধোদৰ আলিলৈ ভাবুকি কঢ়িয়াইছে ধনশিৰিয়ে
author img

By

Published : Nov 10, 2019, 12:48 PM IST

গোলাঘাট, 10 নৱেম্বৰ: ধনশিৰি নৈৰ খহনীয়াই ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে গোলাঘাট জিলাৰ কমাৰগাঁৱৰ কাৰনিহোলাত ৷ অঞ্চলটোত ধনশিৰি নৈৰ তীব্ৰ খহনীয়াই বহুলোকৰ ঘৰ মাটি ভেটিৰ ওপৰিও খেতি মাটি নৈ খনৰ বুকুত সামৰি লোৱাত খৰালিতো আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ অঞ্চলতটোত বৰ্তমান পূৰ্বতকৈ অধিক হাৰত দেখা গৈছে পৃথিৱীৰ সৰ্ববৃহৎ একা বেঁকা নদী ৰূপে খ্যাত ধনশিৰিৰ খহনীয়াৰ প্ৰকোপ ৷ আনকি অঞ্চলটোত অব্যাহত থকা ধনশিৰি নৈৰ এই অবিৰত খহনীয়াই ভাবুকি কঢ়িয়াইছে ঐতিহাসিক ধোদৰ আলিৰ লগতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথলৈও ৷ কিন্তু ইমানবোৰৰ পাছতো স্থানীয় লোকৰ অভিযোগ শুনিবলৈ আগ্ৰহী নহয় চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ ৷ বিষয়টো সন্দৰ্ভত স্থানীয় দল সংগঠন আৰু স্থানীয় ৰাইজে অতি শীঘ্ৰে চৰকাৰ তথা উৰ্ধতম কৰ্তৃপক্ষক ব্যৱস্থা ল'বৰ বাবে দাবী জনোৱাৰ লগতে তীব্ৰ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ৷

আৰু পঢ়ক: উত্তৰ-পূৱ গ্ৰন্থমেলাত বিশিষ্ট ৰোমান্টিক ঔপন্যাসিক দূৰ্জয় দত্ত

Intro:গোলাঘাট কমাৰগাওঁত ধনশিৰি নৈৰ প্ৰবল গঢ়াখহনীয়া। কমাৰগাঁওত সোণোৱাল কাৰনিহোলাৰ ধনশিৰি নৈৰ গৰাখহনীয়া তীব্ৰ গতিত বৃদ্ধি পাইছে । পৃথিৱীৰ সৰ্ববৃহৎ একা বেঁকা নদী ৰূপে খ্যাত ধনশিৰি নদীয়ে কেইবাদশকৰ পূৰ্বৰে পৰা এই অঞ্চলত তীব্ৰ ৰূপ ধাৰণ কৰি বহুলোকৰ ঘৰ মাটি ভেটি সম্পত্তি নদীৰ বুকুত সামৰি লৈছে ।কিন্তু বৰ্তমান পূৰ্বতকৈও ব্যাপক হাৰত বৃদ্ধি পোৱা দেখা গৈছে গৰাখহনীয়া ।যাৰ বাবে চিন্তিত হৈ পৰিছে অঞ্চলটোৰ লোক সকল ।বাৰম্বাৰ স্থানীয় ৰাইজ তথা দল সংগঠনে দাবী জনাইছে যদিও চৰকাৰে আজি পৰ্যন্ত ফলপ্ৰসু ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই । কমাৰগাঁৱৰ সোণোৱাল কাৰনিহোলাৰ ধনশিৰি নদীয়ে খৰালিতে যিদৰে গৰাখহনীয়া সৃষ্টি কৰিছে তাৰ পৰা অনুমেয় যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ঐতিহাসিক ধোদৰ আলিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব ।সেয়ে স্থানীয় দল সংগঠন তথা ৰাইজে চৰকাৰ তথা উৰ্ধতম কৰ্তৃপক্ষক ব্যৱস্থা ৰোধৰ বাবে দাবী জনাইছে অন্যথা তীব্ৰ জংগী আন্দোলন গঢ়ি তোলাৰ  হুংকাৰ প্রদান কৰিছে ।Body:Byte 1 : স্থানীয়লোকConclusion:গোলাঘাট পৰা চামিম আলি etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.