ETV Bharat / state

সুৰা পাচত এইবাৰ অচিন ৰোগ

author img

By

Published : Mar 9, 2019, 9:58 PM IST

গোলাঘাটত পুনৰ তিনি গৰাকী লোকৰ মৃত্যু

গোলাঘাট সুৰা ট্ৰেজেডী সন্দৰ্ভত সংবাদ মেল গোলাঘাট উপায়ুক্তৰ

গোলাঘাট, ৯ মাৰ্চঃপুনৰ গোলাঘাটত সংঘটিত হ'লসুৰা ট্ৰেজেডী বিগত 24 ফেব্ৰুৱাৰী পৰা 26 ফেব্ৰুৱাৰীৰ ভিতৰত সুৰাপান কৰি গোলাঘাট আৰু যোৰহাটত ডেৰ শতাধিক লোকৰ মৃত্যু হোৱা ঘটনা মাৰ নাযাওঁতেই পুনৰ গোলাঘাটৰ মৰঙি পানীকৰা গাঁৱত জিতুৱা দাস, ৰাতুল হাজৰিকা নামৰ দুজন আৰু গোলাঘাট নগৰৰ মিচন পট্টিত কমল দাস নামৰ এজন লোকৰ মৃত্যু হয় ।

তিনিজনকৈ লোক মৃত্যুমুখত পৰাত লালীগুৰ আৰু চুলাই মদ নিষিদ্ধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা আৱকাৰী বিভাগ, আৰক্ষী আৰু গোলাঘাট প্ৰশাসনৰ বিৰুদ্ধে জাঙুৰ খাই উঠে স্থানীয় মহিলা ।

সংবাদ মাধ্যমত বিষাক্ত চুলাই সেৱন কৰি মৃত্যু হোৱা বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিচতেই গোলাঘাটৰ উপায়ুক্ত ধীৰেণ হাজৰিকাৰ সংবাদমেল । সুৰা সেৱন কৰি নহয় বেমাৰত হে আক্ৰান্ত হৈ তিনিজন লোকৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে । মৰঙী পানীকৰা গাঁৱৰ জিতুৱা দাস নামৰ লোকজন গেছটিক আলচাৰ ৰোগত ভোগি থকাৰ লগতে ৰাতুল হাজৰিকা যক্ষ্মা ৰোগত আক্ৰান্ত আছিল বুলি উল্লেখ কৰে । তেওঁ পূৰ্বতেও অধিক মদ সেৱন কৰিছিল যদিও যক্ষ্মা ৰোগত আক্ৰান্ত থাকি ঔষধ সেৱন নকৰা আৰু মদ সেৱন কৰিব নোপোৱাৰ বাবেই মৃত্যু মুখত পৰে আনহাতে মিচনপট্টিৰ কমল দাস নামৰ ব্যক্তি জনৰ খাদ্যত বিষক্ৰীয়া হোৱাৰ ফলত মৃত্যু হোৱা বুলি সংবাদ মেলত প্ৰকাশ কৰে উপায়ুক্ত গৰাকীয়ে ।

ইয়াৰ উপৰিও দুজন ব্যক্তি মৃত্যু হোৱাৰ ফলত ভয় খাই তিনিমাহৰ পূৰ্বে জটিল ৰোগত আক্ৰান্ত থকা দণ্ডি দাস গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎলায়ত চিকিৎসাধীন হৈ আছে বুলি সংবাদমেলত ব্যক্ত কৰে । অৱশ্যে আৰক্ষীয়ে শম্ভু দাস নামৰ এগৰাকী মহিলাক চুলাই মদৰ ব্যৱসায় কৰাৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ।

Intro:গোলাঘাটত পুনৰ বিষাক্ত চুলাই মদ সেৱন কৰি মৃত্যু হল তিনিজনৰ। বাৰে বাৰে লালীগুৰ আৰু চুলাই মদ নিষিদ্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰা আৱকাৰী বিভাগ, আৰক্ষী আৰু গোলাঘাট প্ৰশাসনৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে স্থানীয় মহিলা। তিনিজনৰ মৃত্যু হোৱাৰ পিছতই সংবাদ মেল পাতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোলাঘাট উপায়ুক্ত।

Body:গোলাঘাট জিলাৰ মৰঙী পানীকৰা গাঁৱত বিষাক্ত চুলাই মদ সেৱন কৰি মৃত্যু হৈছিল জিতুৱা দাস, ৰাতুল হাজৰিকা আনহাতে গোলাঘাট নগৰৰ মিচন পট্টিৰ কমল দাস নামৰ এজন ব্যক্তি। এই তিনি গৰাকীৰ মৃত্যুৰ কাৰণ সন্দেহ কৰা হৈছে বিষাক্ত চুলাই মদ। সংবাদ মাধ্যমত বিষাক্ত চুলাই সেৱন কৰি মৃত্যু হোৱা বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছত গোলাঘাটৰ উপায়ুক্ত ধীৰেণ হাজৰিকাই সংবাদ মাধ্যমক তিনিওজনকে বেমাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি জনায়। মৰঙী পানীকৰা গাঁৱৰ জিতুৱা দাস নামৰ মানুহজন গেছটিক আলচাৰ ৰোগত ভূগি আছিল। আগতে তেওঁ চুলাই মদ খাইছিল কিন্তু তেখেতৰ মৃত্যুৰ কাৰণ গেছটিক আলচাৰ, ৰাতুল হাজৰিকা যক্ষ্মা ৰোগত আক্ৰান্ত আছিল, তেওঁও পূৰ্বতে অধিক মদ সেৱন কৰিছিল যদিও যক্ষ্মা ৰোগত আক্ৰান্ত থাকি ঔষধ সেৱন নকৰা আৰু মদ সেৱন কৰিব নোপোৱাৰ বাবে মৃত্যু হয় আনহাতে মিচনপট্টিৰ কমল দাস নামৰ ব্যক্তি জনৰ খাদ্যত বিষক্ৰীয়া হোৱাৰ ফলত মৃত্যু হয় বুলি সংবাদ মেলত প্ৰকাশ কৰে। ইয়াৰ উপৰিও দুজন ব্যক্তি মৃত্যু হোৱাৰ ফলত ভয় খাই তিনিমাহৰ পূৰ্বে জটিল ৰোগত আক্রান্ত থকা দণ্ডি দাস গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎলায়ত চিকিৎসাধীন হবলগীয়া হোৱা বুলি সংবাদ মেলত ব্যক্ত কৰে। আৰক্ষীয়ে শম্ভু দাস নামৰ এগৰাকী মহিলাক চুলাই মদৰ ব্যৱসায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.