ETV Bharat / state

আৰক্ষীৰ জালত গৰু চোৰ

author img

By

Published : Jul 7, 2019, 6:58 PM IST

অৱশেষত আৰক্ষীৰ জালত পৰিল দীর্ঘদিন ধৰি গোলাঘাট জিলাৰ সৰ্বসাধাৰণ ৰাইজৰ টোপনি কাঢ়ি নিয়া গৰু চুৰি চক্ৰটো ৷ গোলাঘাট 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে খেদি খেদি আটক কৰে গৰুসহ তিনি গভাইট চোৰক ৷

জালত পৰিল গৰু চুৰি চক্ৰ

গোলাঘাট 7 জুলাই : ৰাজ্যত অব্যাহত আছে গৰু চোৰৰ দপদপনি । দেওবাৰে গোলাঘাটৰ কমাৰগাঁৱত আৰক্ষীৰ এক বিশেষ অভিযানত জব্দ হয় গৰু সহ তিনিটা চোৰ ৷ নগাঁৱৰ জীয়াওৰ ৰহমান নামৰ এটা গৰু চোৰৰ নিৰ্দেশত পাঁচ জনীয়া এটা চোৰৰ দলে AS02-CC-0518 নম্বৰৰ টাটা ডি আয় গাড়ীৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথেদি দেৰগাঁৱৰ পৰা নগাঁও অভিমুখে চুৰি গৰু লৈ গৈ আছিল ৷ দেৰগাঁও আৰক্ষী আৰু কমাৰগাঁও আৰক্ষীৰ যৌথ অভিযানত কমাৰগাঁৱৰ পানী দিহিঙীয়া ৰাইজৰ সহযোগত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত খেদি খেদি আটক তিনি চোৰক ৷ কিন্তু আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হয় দুটাকৈ চোৰ ৷ আৰক্ষীৰ হাতত পৰা চোৰ কেইটা হৈছে নগাঁৱৰ ক্ৰমে বাবুল ইছলাম, খাইৰুল ইছলাম, ইনামূল হক । বৰ্তমান আৰক্ষীয়ে ধৃত চোৰ কেইটাক জিম্মাত লৈ অব্যাহত ৰাখিছে তদন্ত ৷ দীর্ঘদিন ধৰি গৰু চুৰি কাৰ্য চলাই অহা চোৰ কেইজন ধৰা পৰাত স্বস্তিৰ নিশ্বাস পেলাইছে গোলাঘাটৰ ৰাইজে ৷

আৰক্ষীয়ে খেদি খেদি আটক কৰে গৰুসহ তিনি গভাইট্ চোৰক

Intro:গোলাঘাট কমাৰগাঁও আৰক্ষীৰ জালত ছয় টা কৈ গৰু চুৰ । ৰাষ্ট্ৰীয় ঘাইপথত খেদি খেদি আটক চুৰি গৰু সহ চুৰ।
Body:ৰাজ্যত অব্যাহত আছে গৰু চুৰৰ দোপদপনি ।আজি গোলাঘাট ৰ কমাৰগাঁও ত আৰক্ষীয়ে অভিযান চলাই আৰু এখন AS02-CC-0518 নম্বৰৰ টাটা ডি আয় গাড়ী সহ আটক তিনি গৰু চুৰ । 37 নং ৰাষ্ট্ৰীয় ঘাইপথত খেদি খেদি আটক কৰে তিনিটা চুৰক । চুৰ কেইটাৰ নাম ক্ৰমে বাবুল ইছলাম, খাইৰুল ইছলাম, ইনামূল হক। নগাঁৱৰ জীয়াওৰ ৰহমান নামৰ এটা গৰু চুৰৰ নিৰ্দেশত পাঁচ জনীয়া এটা চুৰৰ দলে গোলাঘাটৰ দেৰগাঁৱৰ দিশৰ পৰা নগাঁও অভিমুখে চুৰি গৰু লৈ গৈ থকা অৱস্থাত দেৰগাঁৱ আৰক্ষী আৰু কমাৰগাঁও আৰক্ষী য়ে খেদি খেদি কমাৰগাঁও ৰ পানী দিহিঙীয়া ৰাইজৰ সহযোগত আটক কৰে তিনিটাকৈ চুৰ । তাৰে দুটা চুৰ পলাই যাবলৈ সক্ষম হয় । বৰ্তমান ধৃত চুৰ কেইটাক জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । এনেদৰে দীর্ঘদিনে এটা গৰু চুৰি চক্ৰ ই টোপনি হৰিছিল গোলাঘাট জিলাৰ সৰ্বসাধাৰণ ৰাইজৰ । চুৰ কেইটা আটক হোৱাত এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে লোকসকলে ।Conclusion:Byte 1 : আৰক্ষী
Byte 2 : চুৰ অভিযুক্ত
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.