ETV Bharat / state

Barshashree sit exam in Jail: 25 জুলাইৰ ভিতৰত কাৰণ কাৰণ দৰ্শাব লাগিব অধ্যক্ষই - গোলাঘাট সত্ৰ ন্যায়াধীশ আদালতে

আদালতৰ ৰায়ক অৱমাননা কৰি কাৰাগাৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপিত হৈছে যোৰহাট ডিচিবি কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে ৷ কাৰাৰুদ্ধ বৰ্ষাশ্ৰী বৰগোঁহায়ে বিশ্ববিদ্যালয়ৰ নীতি অনুসৰি পৰীক্ষা দিয়াৰ বাবে আদালতে ৰায়দান কৰিছিল যদিও ডিচিবি কলেজৰ অধ্যক্ষই কাৰাগাৰৰ ভিতৰত অনুষ্ঠিত কৰে পৰীক্ষা ৷ এই সন্দৰ্ভত আদালত ক্ষুন্ন হৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে মহাবিদ্যালয়খনৰ অধ্যক্ষলৈ (Show cause notice to DCB college principal)৷

Barshashree Buragohain
25 জুলাইৰ ভিতৰত কাৰণ কাৰণ দৰ্শাব লাগিব অধ্যক্ষই
author img

By

Published : Jul 18, 2022, 7:19 PM IST

গোলাঘাট, 18 জুলাই: গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতে 16 জুলাইৰ পৰা অনুস্থিত হোৱা স্নাতক দ্বিতীয় ষান্মাষিকৰ পৰীক্ষাত বৰ্ষাশ্ৰীয়ে বিশ্ববিদ্যালয়ৰ নীতিগত নিৰ্দেশাৱলী অনুসৰি পৰীক্ষাত বহিব পাৰিব বুলি ৰায় প্ৰদান কৰিছিল । বিশ্ববিদ্যালয়ৰ নীতিগত নিৰ্দেশাৱলী অনুসৰি বৰ্ষাশ্ৰী বৰগোঁহায়ে উপযুক্ত নিৰাপত্তা ব্যৱস্থাৰ জৰিয়তে পৰীক্ষাৰ নিৰ্দিষ্ট কেন্দ্ৰত পৰীক্ষা দিব লাগিছিল । কিন্তু বৰ্ষাশ্ৰীয়ে গোলাঘাট কাৰাগাৰতে পৰীক্ষাত বহিব লগা হ'ল(Barshashree sit exam in Jail) ।

25 জুলাইৰ ভিতৰত কাৰণ কাৰণ দৰ্শাব লাগিব অধ্যক্ষই

গোলাঘাটৰ উপায়ুক্তগৰাকীয়ে এই সন্দৰ্ভত এগৰাকী পৰীক্ষা নিৰীক্ষককো নিযুক্তি প্ৰদান কৰিছিল । এই সন্দৰ্ভত যোৰহাট ডিচিবি কলেজৰ(DCB Girls College) অধ্যক্ষগৰাকীয়েও ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই সকলোবোৰ লৈ বৰ্ষাশ্ৰীৰ জ্যেষ্ঠ ভাতৃ পুনৰ কাষ চাপিল গোলাঘাট আদালতৰ ।

গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতে আজি এক শুনানিৰ জৰিয়তে আদালতৰ ৰায়ক অৱমাননা কৰাৰ বাবে অধ্যক্ষগৰাকীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে (Show cause notice to DCB college principal)। আনহাতে গোলাঘাটৰ উপায়ুক্তই নিযুক্তি প্ৰদান কৰা পৰীক্ষা নিৰীক্ষকগৰাকীক অবৈধ ঘোষণা কৰি নতুনকৈ নিযুক্তি প্ৰদানৰ ৰায় প্ৰদান কৰে ।

লগতে পঢ়ক: CM Himanta Biswa Sarma on ULFA (I): আলফা অসমৰহে সমস্যা, ভাৰত অথবা উত্তৰ-পূবৰ সমস্যা নহয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.