গোলাঘাট, ১৫ মাৰ্চ: শুকুৰবাৰে গোলাঘাট জিলাৰ বৰপথাৰৰ বৰগোলা শ্যাম গাঁৱত উপস্থিত হ'লহি এটা ১৫ জনীয়া বৌদ্ধ গুৰুৰ এটা দল । দলটোৱে অসমৰ বিভিন্ন প্ৰান্তত থকা টাই জনগোষ্ঠীসকলৰ মাজলৈ পদযাত্ৰা কৰি বিলাইছে শান্তি আৰু ধৰ্মৰ অমৃত বাণী। বৃহস্পতিবাৰে যোৰহাটৰ তিতাবৰৰ পৰা খোজকাঢ়ি আহি থাইলেণ্ডৰ পৰা অহা বৌদ্ধ ধৰ্মীয় গুৰুৰ দলটো শুকুৰবাৰে উপস্থিত হয়হি গোলাঘাটৰ বৰগোলা শ্যাম গাঁৱত ৷বৰপথাৰ মৌজাৰ আটাতকৈ পুৰণি ৰাজহ গাঁওহিচাপে পৰিচিত বৰহোলা শ্যামগাঁৱত আদৰণিজনোৱা হয় দলটোক ।
মান টাই জনগোষ্ঠী লোকৰ বসতি প্ৰধান বৰহোলা শ্যাম গাঁৱত থাইলেণ্ডৰ দলটোক ধৰ্মীয় পৰম্পৰাৰ লগতে মান টাই কৃষ্টি প্ৰদৰ্শনেৰে আদৰি অনা হয় বৌদ্ধ মন্দিৰলৈ ৷
অহা ২০ মাৰ্চত কালিয়ণী বৌদ্ধ বিহাৰত এই বৌদ্ধ ধৰ্মীয় লোক সকলে বিশ্বৰ শান্তিৰ বাবে কৰা পদ যাত্ৰা কাৰ্যসূচীৰ অন্ত পৰিব ।