ETV Bharat / state

আঠখেলীয়া নামঘৰৰ বিত্তীয় কেলেংকাৰীঃ গোলাঘাটত তিনিজনীয়া চি আই ডি দল - আঠখেলীয়া নামঘৰ

ঐতিহাসিক আঠখেলীয়া নামঘৰৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগৰ পুনৰ তদন্ত আৰম্ভ ৷ বুধবাৰৰ পৰা তিনিদিনীয়াকৈ অব্যাহত আছে এই তদন্ত । চি আই ডিৰ বিষয়া ৰণজিৎ শইকীয়াৰ নেতৃত্বত আহিছে চাৰিজনীয়া তদন্তকাৰী দল ৷

আঠখেলীয়া নামঘৰৰ বিত্তীয় কেলেংকাৰীঃ
author img

By

Published : Oct 17, 2019, 6:31 PM IST

গোলাঘাট,17 অক্টোবৰ: বিতৰ্কই লগ নেৰা ঐতিহ্যমণ্ডিত আঠখেলিয়া নামঘৰৰ বিত্তীয় কেলেংকাৰীৰ তদন্তত চিআইডিৰ দল। ২০১৩ চনৰ গোচৰৰ ভিত্তিত তদন্ত অব্যাহত আছে চি আই ডিৰ । চি আই ডিৰ বিষয়া ৰণজিৎ শইকীয়াৰ নেতৃত্বত অহা চাৰিজনীয়া এটা দলে শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ দুৰ্নীতিৰ তদন্ত কৰাৰ উদ্দেশ্যে আৰক্ষী থানাত উপস্থিত হয় ৷

উল্লেখ্য যে, ২০১৩ চনত মূল গোচৰীয়া নৰেন বৰাই শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ নতুনকৈ নিৰ্মাণ কৰা ভৱনক লৈ দুৰ্নীতিৰ অভিযোগ তুলি ঘিলাধাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। পৰৱৰ্তী সময়ত ৫৩/১৩ নম্বৰ এটা গোচৰ পঞ্জীয়ন হৈ গোলাঘাট জিলা আদালতত বিচাৰধীন হৈ আছিল ৷ পাচত আদালতে বিষয়টো চি আই ডিক প্ৰদান কৰে ৷ চি আই ডিয়ে বৃহস্পতিবাৰে পূৰ্বৰ সমিতিৰ পৰা বাজেয়াপ্ত কৰা নথি-পত্ৰসমূহ বিচাৰি সত্যাসত্য নিৰূপণ কৰাৰ উদ্দেশ্যে ঘিলাধাৰী আৰক্ষী থানাত উপস্থিত হয় ৷ লগতে যিসকল দাতাই নামঘৰলৈ বৰঙণি আগবঢ়াইছিল, তেওঁলোকৰ ঘৰে ঘৰে উপস্থিত হৈ দলটোৱে তদন্ত আৰম্ভ কৰিছে ৷

ইফালে,উচ্চ ন্যায়ালয়ে নামঘৰৰ বিষয়টো সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন অহা ১৮ নৱেম্বৰ ভিতৰত দাখিল কৰিবলৈ শেষ সীমা বান্ধি দিছে বুলি মূল গোচৰীয়া নৰেন বৰাই জানিবলৈ দিয়ে ।

আঠখেলীয়া নামঘৰত বিয়াগোম বিত্তীয় কেলেংকাৰীৰ অভিযোগ

Intro:গোলাঘাটত তিনিজনীয়া চি আই ডি দলৰ তদন্ত। ঐতিহাসিক আঠখেলীয়া নামঘৰৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগৰ তদন্ত কৰিবলৈ উপস্থিত তিনিজনীয়া দলটো। চি আই ডিৰ বিষয়া ৰণজিৎ শইকীয়াৰ নেতৃত্বত অহা এটা দলে বুধবাৰৰ পৰা তিনিদিনীয়াকৈ অব্যাহত ৰাখিছে এই তদন্ত। আঠখেলীয়া নামঘৰ নিৰ্মাণত বিত্তীয় কেলেংকাৰী সংঘটিত হোৱা বুলি স্থানীয় ব্যক্তি নৰেন বৰাই ২০১৩ চনত ঘিলাধাৰী আৰক্ষী থানাত দাখিল কৰিছিল অভিযোগ। এই অভিযোগৰ পিছত গোলাঘাটৰ আদালতে অৰ্পণ কৰিছিল চি আই ডি বিভাগক।Body:বিতৰ্কই লগ নেৰা ঐতিহ্যমণ্ডিত আঠখেলিয়া নামঘৰৰ তদন্তত চিআইডিৰ দল। ২০১৩ চনৰ গোচৰৰ ভিত্তিত তদন্ত অব্যাহত চিআইডিৰ। চিআইডিৰ বিষয়া ৰণজিৎ শইকীয়াৰ নেতৃত্বত অহা চাৰিজনীয়া এটি দলে শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ দুৰ্নীতিৰ তদন্ত উদ্দেশ্য আৰক্ষী থানাই থানাই উপস্থিত হয়৷ উল্লেখ্য যে ২০১৩ চনত মূল গোচৰীয়া নৰেন বৰাই শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ নতুনকৈ নিৰ্মাণ কৰা ভৱনক লৈ দুৰ্নীতিৰ অভিযোগ তুলি ঘিলাধাৰী আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছিল। পৰৱৰ্তী সময়ত ৫৩/১৩ নম্বৰ এটা গোচৰ পঞ্জীয়ন হৈ গোলাঘাট জিলা আদালতত বিচাৰধীন হৈ আছিল পিছত আদালতে বিষয়টো চিআইডিক প্ৰদান কৰে৷ চিআইডিয়ে আজি পূৰ্ব সমিতিৰ পৰা বাজেয়াপ্ত কৰা নথি পত্ৰ সমূহ বিছাৰি সত্যাসত্য নিৰূপণ কৰা উদ্দেশ্য ঘিলাধাৰী আৰক্ষী থানাত উপস্থিত হয় লগতে যি সকল দাতাই নামঘৰলৈ বৰঙনি আগবঢ়াইছিল তেখেত সকলৰ ঘৰে ঘৰে উপস্থিত হৈ দলটোৱে তদন্ত আৰম্ভ কৰিছে৷ ইফালে উচ্চ ন্যায়ালয়ে নামঘৰৰ বিষয়টো সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন অহা ১৮ নবেম্বৰ ভিতৰত দাখিলৰ কৰিবলৈ শেষ সীমা বান্ধি দিছে বুলি মূল গোচৰীয়া নৰেন বৰাই জানিবলৈ দিয়ে।Conclusion:Byte 1: নৰেন বৰা, অভিযোগকাৰী।
Byte 2: CID
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

বি: দ্ৰ: -- আঠখেলীয়াৰ ভিজুৱেলটো File footage হয়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.