গোলাঘাট, 4 অক্টোবৰঃ ৰাজ্যৰ চাৰিওফালে পূজাৰ আনন্দ, কিন্তু এই আনন্দ উল্লাহে স্পৰ্শ কৰিব পৰা নাই ৰাজ্যৰ একাংশ কৰ্মচাৰীৰ ৷ এ পি ডি চি এলৰ একাংশ কৰ্মচাৰীৰ গাত লগা নাই পূজাৰ আনন্দ। বিপৰীতে প্ৰতিবাদত বহিল গোলাঘাটৰ এই সকল কৰ্মচাৰী ৷
আসাম ষ্টেট পাৱাৰ ৱ'ৰ্কাৰ্চ ইউনিয়নৰ শ্ৰমিক সকলে বিভিন্ন অভাব অভিযোগ আৰু সমস্যা সমূহ সমাধানৰ দাবী জনায় আহিছিল। কিন্তু বিভাগটোৰ পৰিচালন সঞ্চালকে শ্ৰমিকসকলক আলোচনাৰ বাবে মাতিও আলোচনাৰ পৰা বিৰত থাকে। ফলত শ্ৰমিক সকল ক্ষুব্ধ হৈ গোলাঘাটৰ বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
আনহাতে কৰ্মচাৰীসকলে প্ৰতিবাদস্থলীৰ পৰাই সঞ্চালকক আৰু চৰকাৰক সকিয়নী প্ৰদান কৰি অতি শীঘ্ৰে চৰকাৰক তেওঁলোকৰ দাবী সমূহ মানি ল’বলৈ সকীয়নি প্ৰদান কৰে ৷ অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷