ETV Bharat / state

আৰক্ষীৰ ব্যৰ্থতাত ক্ষোভিত দল-সংগঠন !

তিনিদিন পূৰ্বে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰা হৈছিল সাঁচি কাঠ ভৰ্তি এখন ট্ৰাক ৷ কিন্তু এই ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে বহু দল-সংগঠন ৷

আৰক্ষীৰ ব্যৰ্থতাত ক্ষোভিত দল-সংগঠন!
author img

By

Published : Nov 2, 2019, 4:34 AM IST

Updated : Nov 2, 2019, 9:45 AM IST

গোলাঘাট,1 নৱেম্বৰ : ৰাজ্যত একাংশ লোকে চলাইছে প্ৰকৃতি ধ্বংসৰ প্ৰতিযোগিতা ৷ এই ক্ষেত্ৰত আৰক্ষীৰ নাই কোনো ভূমিকা ৷ যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সচেতন সমাজৰ লগতে প্ৰকৃতি প্ৰেমীসকল ৷ উল্লেখ্য যে, তিনিদিন পূৰ্বে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰা হৈছিল এখন সাঁচি কাঠ ভৰ্তি ট্ৰাক ৷ গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষীয়ে অভিযান চলায় জব্দ কৰিছিল ট্ৰাকখন ৷ জব্দ কৰা ট্ৰাকখনত থকা সাঁচি কাঠখিনিৰ মূল্য আছিল প্ৰায় ২ কোটি টকা

আৰক্ষীৰ ব্যৰ্থতাত ক্ষোভিত দল-সংগঠন!

ইফালে,আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ নাছিল কোনো নথি-পত্ৰ ৷ তিনিদিন পূৰ্বে ট্ৰাকখন জব্দ কৰা হৈছিল যদিও ঘটনাৰ তদন্ত আৰম্ভ কৰা নাছিল আৰক্ষীয়ে ৷ যাৰ বাবে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজৰ লগতে বহু দল-সংগঠন ৷ তিনিদিন উকলি যোৱাৰ পাছতো এই ঘটনাৰ লগত জড়িত ব্যক্তিৰ কোনো সম্ভেদ আৰক্ষীয়ে উলিয়াব নোৱাৰাৰ বাবে জাঙুৰ খাই উঠে স্থানীয় ৰাইজ আৰু বহু দল-সংগঠন ৷ তেওঁলোকৰ দাবী অতি শীঘ্ৰে চোৰাং কাঠৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু দোষীক গ্ৰেপ্তাৰ কৰক ৷

অন্য এক খবৰৰ বাবে :ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা : পাঁচটা পৰ্যায়ত অনুষ্ঠিত হব ভোট গ্ৰহণ

Intro:গোলাঘাট কমাৰগাঁও আৰক্ষীৰ জালত সাঁচি কাঠ ভৰ্তি ১০ চকীয়া ট্ৰাক । তিনিদিন পূৰ্বে জব্দ কৰা ট্ৰাক খনৰ আজিলৈকে আৰক্ষীয়ে লোৱা নাই কোনো ব্যৱস্থা ।
গোলাঘাট ৰ কমাৰগাঁও আৰক্ষীয়ে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে সাঁচি কাঠ ভৰ্তি AS 01 DC 6737 এখন ১০ চকীয়া ট্ৰাক । ট্ৰাক খনত প্ৰায় ২ কোটি টকাৰ সাঁচি কাঠ থকাৰ সন্দেহ আৰক্ষীয়ে । ইফালে আৰক্ষীয়ে জানিব দিয়া মতে জব্দ কৰা ট্ৰাক খনৰ কোনো ধৰণৰ নথি পত্ৰ নাছিল ।কিন্তু ৰহস্যজনক ভাৱে দুদিন পূৰ্বেই জব্দ কৰা ট্ৰাক খন আজি পৰ্যন্ত খুলি নুচুৱা আৰু আৰক্ষীয়ে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাত জাঙুৰ খাই উঠিছে কমাৰগাঁও অঞ্চলৰ বিভিন্ন দল সংগঠন।Body:Byte 1 ,2 : স্থানীয়লোকConclusion:গোলাঘাট পৰা চামিম আলি ,etv Bharat, অসম
Last Updated : Nov 2, 2019, 9:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.