ETV Bharat / state

বানত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে কৃষিমন্ত্ৰীৰ বিশেষ আঁচনি - কৃষি মন্ত্ৰী অতুল বৰাৰ সংবাদ মেল

গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাৰ সংবাদ মেল। সংবাদ মেলত ৰাজ্যৰ বানত আক্ৰান্ত কৃষকক কৃষি আঁচনিৰ জৰিয়তে জৰুৰী ভাৱে ৩৫ কোটি টকা মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে

বানত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে কৃষিমন্ত্ৰীৰ বিশেষ আঁচনি
author img

By

Published : Jul 18, 2019, 8:35 PM IST

গোলাঘাট,18 জুলাইঃ গোলাঘাটত কৃষি মন্ত্ৰী অতুল গগৈৰ সংবাদমেল৷ সংবাদমেলত ৰাজ্য খনৰ মুঠ ১ লাখ ৩০ হেজাৰ ৭৭০ গৰাকী কৃষক আৰু ৫০৬০. ২৩ হেক্টৰ কৃষি ভূমি অনিষ্ট হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ ৰাজ্যৰ বানত আক্ৰান্ত কৃষকক কৃষি আঁচনিৰ জৰিয়তে জৰুৰী ভাৱে ৩৫ কোটি টকা মুকলি কৰি দিয়াৰ কথাও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ অন্যহাতে ৰবি খেতিৰ বাবে ৰাজ্যৰ কৃষক সকলৰ বাবে কৃষি বিভাগৰ মুঠ ৮০ কোটি টকা ধাৰ্য কৰা হৈছে বুলি কয় মন্ত্ৰীগৰাকীয়ে৷

বানত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে কৃষিমন্ত্ৰীৰ বিশেষ আঁচনি

কৃষক সকলৰ কৃষি ভূমি সমূহত ধান খেতি কৰিবৰ বাবে কঠিয়া যোগান ধৰা , ৰৱি শষ্যৰ বাবে বীজ যোগান ধৰা , সাৰ, পাৱাৰ ট্ৰিলাৰ, ট্ৰেক্টৰ আদি যোগান ধৰা হব বুলি কয় মন্ত্ৰী অতুল বৰাই। ইফালে গোলাঘাট জিলা খনৰ গোলাঘাট, খুমটাই, দেৰগাঁও আৰু বোকাখাত ৰাজহ চক্ৰৰ অধীনত মুঠ ১১৯ খন গাঁও বানত আক্ৰান্ত হৈছে । জিলা খনৰ মুঠ চাৰি জন ব্যক্তিয়ে বৰ্তমান লৈকে এই বানত মৃত্যু বৰণ কৰিছে আৰু প্ৰত্যেকগৰাকীৰ পৰিয়াললৈ মুঠ ৪ লাখকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে অতুল বৰাই৷ শুকুৰবাৰে কাজিৰঙাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানত মৃত্যু হোৱাসকলৰ পৰিয়ালক সাহায্য প্ৰদান কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই।

লগতে পঢ়কঃ ক'ত কি পৰ্যায়ত অসমৰ বান পৰিস্থিতি ?

Intro:গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাৰ সংবাদ মেল। সংবাদ মেলত কয় ৰাজ্যৰ বানত আক্ৰান্ত কৃষকক কৃষি আঁচনিৰ জৰিয়তে মোকাবিলা কৰিবলৈ জৰুৰী ভাৱে ৩৫ কোটি টকা মুকলি কৰি দিয়া হৈছে। এই টকাৰে বিভিন্ন কৃষিৰ বীজৰ লগতে ৰৱি খেতি কৰিবলৈ আগবঢ়োৱা হব। ৰাজ্য খনৰ মুঠ ১ লাখ ৩০ হেজাৰ ৭৭০ গৰাকী কৃষক আৰু ৫০৬০. ২৩ হেক্টৰ কৃষি ভূমি অনিষ্ট হৈছে বুলি জানিবলৈ দিয়ে। এই সকল কৃষকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হব বুলি জনাই অতুল বৰাই। অন্যহাতে ৰৱি খেতি কৰিবৰ বাবে ৰাজ্যৰ কৃষক সকলৰ বাবে কৃষি বিভাগৰ মুঠ ৮০ কোটি টকা ধাৰ্য কৰা হৈছে বুলি কয়।Body:গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাৰ সংবাদ মেল। সংবাদ মেলত মন্ত্ৰী অতুল বৰাই কয় ৰাজ্যৰ যি সকল কৃষকৰ কৃষি ভূমি অনিষ্ট হৈছে সেই সমূহৰ শীঘ্ৰে মোকাবিলা কৰা হব। কৃষক সকলৰ কৃষি ভূমি সমূহত ধান খেতি কৰিবৰ বাবে কঠিয়া যোগান ধৰা , ৰৱি শষ্যৰ বাবে বীজ যোগান ধৰা , সাৰ, পাৱাৰ ট্ৰিলাৰ, ট্ৰেক্টৰ আদি যোগান ধৰা হব বুলি কয় মন্ত্ৰী অতুল বৰাই। বানত অনিষ্ট হোৱা কৃষকৰ বাবে ইতিমধ্যে ৩৫ কোটি টকা চৰকাৰে মোকোলাই দিয়াৰ লগতে কৃষি বিভাগৰ জৰিয়তে ৰৱি শষ্যৰ বাবে অতিৰিক্ত ৮০ কোটি টকা ধাৰ্য কৰা বুলি সংবাদ মেলত জনাই। ইফালে গোলাঘাট জিলা খনৰ গোলাঘাট, খুমটাই, দেৰগাঁও আৰু বোকাখাত ৰাজহ চক্ৰৰ অধীনত মুঠ ১১৯ খন গাঁও বানত আক্ৰান্ত হৈছে। জিলা খনৰ মুঠ চাৰি জন ব্যক্তিয়ে বৰ্তমান লৈকে এই বানত মৃত্যু বৰন কৰিছে। কালি বোকাখাতৰ ননা ভূমিজ নামৰ এজনৰ মৃত্যু হয় । ইয়াৰ পূৰ্বে দীনেশ্বৰ মুৰ্মু, সাগৰ ভূঞা আৰু অমিত হাজৰিকাৰ মৃত্যু হয়। ইয়াৰে পিছৰ তিনিজনৰ পৰিয়ালক মুঠ ৪ লাখকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে অন্য দুই লাখকৈ আৰ্থিক সাহাৰ্য আগবঢ়াব বুলি জনাই মন্ত্ৰী অতুল বৰাই। অহাকালি কাজিৰঙাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃত্যু হোৱা জনৰ পৰিয়ালক সাহাৰ্য প্ৰদান কৰিব বুলি কয় মন্ত্ৰী অতুল বৰাই। Conclusion:Byte 1: অতুল বৰা।
Byte 2: অতুল বৰা।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.