ETV Bharat / state

সাংসদ পুঁজিৰে দেৰগাঁৱত গৌৰৱ গগৈৰ এম্বুলেঞ্চ প্ৰদান

গৌৰৱ গগৈয়ে সাংসদ উন্নয়ন পুঁজিৰে নেঘেৰিটিং চাহ বাগিছা চিকিৎসালয়ৰ ৰোগী সকলৰ সুবিধাৰ বাবে প্ৰদান কৰিলে এখন এম্বুলেঞ্চ ।

author img

By

Published : Jul 4, 2021, 10:31 PM IST

DERGAON GOURAV GOGOI
সাংসদ পুঁজিৰে দেৰগাঁৱত গৌৰৱ গগৈৰ এম্বুলেঞ্চ প্ৰদান

দেৰগাঁও, 4 জুলাই : ক’ৰণা কালৰ মাজতে দেৰগাঁৱৰ নেঘেৰিটিং চাহ বাগিছা চিকিৎসালয়ৰ বাবে এক ভাল খবৰ কঢ়িয়াই আনিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে । গৌৰৱ গগৈয়ে সাংসদ উন্নয়ন পুঁজিৰে দেওবাৰৰ দিনটোত নেঘেৰিটিং চাহ বাগিছা চিকিৎসালয়ৰ ৰোগী সকলৰ সুবিধাৰ বাবে প্ৰদান কৰিলে এখন এম্বুলেঞ্চ । সাংসদ গৰাকীৰ উপস্থিতিত দুপৰীয়া ভাগত একাংশ লোকৰ অংশ গ্ৰহণেৰে এখন সৰু সভাও অনুষ্ঠিত হয় ।

ইপিনে, এম্বুলেঞ্চ প্ৰদান অনুষ্ঠান উপলক্ষে দেওবাৰে সাংসদ গৰাকী চিকিৎসালয় চৌহদত উপস্থিত হোৱাৰ পিছতে চাহ বাগিছা কৰ্তৃপক্ষ, চিকিৎসালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজে তেখেতক উষ্ম আদৰণি জনায় । ৰাইজৰ সম্বৰ্ধনা গ্ৰহণৰ পিছতে গৌৰৱ গগৈয়ে ফিটা কাটি চালকৰ আসনত বহি এম্বুলেঞ্চ ৰাইজৰ বাবে মুকলি কৰে । এম্বুলেঞ্চ মুকলি কৰাৰ পাচতে সাংবাদিকৰ আগত দিয়া বক্তব্যত সাংসদ গগৈয়ে অখিল গগৈ, অসম চৰকাৰ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা হোৱা-নোহোৱা বিষয় সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে, অসমত পুনৰ ২৩৭৫ গৰাকী দেহত ধৰা পৰে ক’ভিড পজিটিভ । তাৰ ৩১৬ গৰাকী গোলাঘাটৰ, ২৩১গৰাকী যোৰহাট, ১৬৮ গৰাকী কামৰূপ মেট্ৰ’ৰ আৰু ১৬৬ গৰাকী লখিমপুৰৰ । মনকৰিবলগীয়া যে, ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫১৫৯৮১গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইফালে, শনিবাৰে দিনটোত অসমত ক’ভিড-19ত আক্ৰান্ত সুস্থ হৈছে ২৫২৪ গৰাকী লোক ।

আনহাতে, ৰাজ্যত উক্ত দিনটোত ক’ৰনাত আক্ৰান্ত ২৮ গৰাকী লোকৰ মৃত্যু । ৰাজ্যত সম্প্ৰতি ক’ৰনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৩৭৩৭ গৰাকী ৰোগী । মনকৰিবলগীয়া যে, দেশৰ ভিতৰতে ভয়ানক ৰূপ লোৱা দিল্লীতো হ্ৰাস পাবলৈ ধৰিছে ক’ৰণাৰ সংক্ৰমণ । ৰাজ্যখনত কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা প্ৰায় 1000 লৈ হ্ৰাস পাইছে । দেশৰ ৰাজধানী দিল্লীত যোৱা ২৪ ঘন্টাত নতুনকৈ ৮৬ গৰাকীৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ ।

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ "আলাপ আলোচনা" ত কি ক’লে বিশিষ্ট খিলঞ্জীয়া মুছলমান ব্যক্তিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.