সৰুপথাৰ , ২৩ জুন : শনিবাৰে ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষীৰ জালত পৰে এজন ভুৱা 'চাৰ্টাৰ্ড একাউন্টেন্ত' । আৰক্ষীয়ে মহানগৰীৰ পৰা আটক কৰে ভুৱা 'চাৰ্টাৰ্ড একাউন্টেন্ত' সন্দিপ খ'খাৰীয়াক ।
অভিযোগ অনুসৰি সন্দিপ খ'খাৰীয়াই বৰপথাৰৰ প্ৰদীপ বৰবৰা নামৰ এজন ব্যৱসায়ীৰ পৰা ১৩ কোটি টকা আত্মসাৎ কৰে । টেক্স দিয়াৰ নামত অভিযুক্ত সন্দিপে ব্যৱসায়ীজনক ভুৱা চালান প্ৰদান কৰি সমগ্ৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ভুক্তভোগীয়ে আয়কৰ বিভাগৰ সৈতে যোগাযোগ কৰাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে । আৰু কৰ ভৱনৰ পৰা পোৱা তথ্য অনুসৰি, তেওঁলোকে বৰ্তমানলৈকে ৭০ লাখ ১৫ হাজাৰ ১৩০ টকাৰ ভুৱা চালান উদ্ধাৰ কৰে । বৰ্তমান আৰক্ষীয়ে ভুৱা 'চাৰ্টাৰ্ড একাউন্টেন্ত' গৰাকীক সোধা পোছা অব্যাহত ৰাখিছে ।