বোকাখাত, ২১ আগষ্ট: গোলাঘাট জিলাৰ বোকাখাতত অঘটন । জিলাখনৰ অগৰাতলী গাঁৱত মাহ প্ৰসাদত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে(Food Poisoning in Bokakhat)। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ(Janmashtami of Sri Krishna)প্ৰসাদ খাই বোকাখাতৰ অগৰাতলীৰ ২০ গৰাকীকৈ লোক বিষক্ৰিয়াত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে শুকুৰবাৰে নিশা শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে গাঁওখনত আয়োজন কৰা হৈছিল মাংগলিক অনুষ্ঠান । উক্ত অনুষ্ঠানত ৰাইজে মাহ প্ৰসাদ খাই ঘৰে ঘৰে গৈছিল । পিছত শনিবাৰৰ নিশাৰ পৰাই গাঁওখনৰ ২০ গৰাকী ব্যক্তি প্ৰসাদৰ বিষক্ৰিয়াত আক্ৰান্ত হয় ।
ইপিনে, আক্ৰান্ত লোকসকলৰ বমি,পেটৰ বিষ,মূৰৰ বিষ, শৌচ হোৱাত তেওঁলোকক বোকাখাতৰ ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত(Shaheed Kamala Miri Civil Hospital)ভৰ্তি কৰোৱা হয় । অৱশ্যে ইয়াৰে কেইবাজনো লোক চিকিৎসাৰ পিছত নিজ ঘৰলৈ উভতি গৈছে যদিও গৰিষ্ঠ সংখ্যকেই চিকিৎসাধীন হৈ আছে ।
লগতে পঢ়ক:ৰাজ্য়ত এমাহতেই জাপানীজ এনকেফেলাইটিছত মৃত্য়ু ৭৭ গৰাকীৰ