ETV Bharat / state

নিশা জলেশ্বৰৰ বউ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড - বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সুত্ৰপাত

নিশা জলেশ্বৰৰ বউ বজাৰত সংঘঠিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । চাৰিখনকৈ দোকান ভস্মীভূত হোৱাৰ লগতে প্ৰায় দহ লক্ষাধিক টকাৰ সামগ্ৰী জ্বলি ছাই হয় ।

নিশা জলেশ্বৰৰ বউ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Mar 9, 2021, 1:29 PM IST

গোৱালপাৰা,9 মাৰ্চঃ গোৱালপাৰা জিলাৰ জলেশ্বৰত অঘটন । নিশা জলেশ্বৰৰ বউ বজাৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত চাৰিখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মিভূত হয় । প্ৰায় দহ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মিভূত হোৱা বুলি অনুমান কৰা হৈছে । বউ বজাৰৰ ব্যৱসায়ী মফিদুল সেখ, আমোদ আলী, বানিজ আলী, মন্তাজ আলী, মস্তফা আলমৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ড । বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ।

নিশা জলেশ্বৰৰ বউ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

অৱশ্যে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অধিক ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পৰে বউ বজাৰৰ অন্য ব্যৱসায়ীক প্ৰতিস্থান সমূহ । উল্লেখযোগ্য যে ইতিপূৰ্বেও কেইবাটাও অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে জলেশ্বৰৰ বউ বজাৰত । অতি শীঘ্ৰ জলেশ্বৰত অগ্নিনিৰ্বাপক বাহিনীৰ এটা কাৰ্যালয় স্থাপনৰ দাবী জনাইছে ক্ষতিগ্ৰস্থ ব্যৱসায়ী সকলে ।

লগতে পঢ়কঃ ৰাজ্যত পুনৰ সংঘটিত সাংবাদিক নিগ্ৰহৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.