ETV Bharat / state

গোলাঘাটত অগ্নিদগ্ধ হৈ মৃত্যু আইতাক-নাতিনীয়েকৰ - গোলাঘাটত অগ্নিদগ্ধ হৈ মৃত্যু আইতাক-নাতিনীয়েকৰ

বৃহস্পতিবাৰে নিশা গোলাঘাট জিলাৰ জ্যোতিনগৰ ইটাখুলিত সংঘটিত হোৱা এক অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে জাহ যায় এটা বাসগৃহ ৷ অগ্নিকুণ্ডৰ মাজৰ পৰা ওলাই আহিবলৈ সক্ষম ন'হল তিনি বছৰীয়া শিশু আৰু এগৰাকী বৃদ্ধা ৷

গোলাঘাট জিলাৰ ইটাখুলিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
author img

By

Published : Nov 8, 2019, 11:42 AM IST

Updated : Nov 8, 2019, 3:28 PM IST

গোলাঘাট, 8 নৱেম্বৰঃ গোলাঘাট জিলাৰ জ্যোতিনগৰ ইটাখুলিত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডটোত এটা ঘৰ সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ লগতে এগৰাকী বৃদ্ধা আৰু তিনি বছৰীয়া এগৰাকী শিশুৰ মৃত্যু হয় ৷ অগ্নিকাণ্ডৰ ঘটনা কেনেকৈ সংঘটিত হয় সেইয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই ৷ অগ্নিকাণ্ডত মৃত্যু হোৱা বৃদ্ধাগৰাকীৰ নাম ৰেনু ভূঞা আৰু শিশুটিৰ নাম শেৱালী ভূঞা ৷ প্ৰাপ্ত তথ্য মতে,অগ্নিকাণ্ডৰ সময়ত সম্বন্ধত আইতাক আৰু নাতিনীয়েক ঘৰৰ ভিতৰতে আছিল ৷ মূহুৰ্তৰ ভিতৰতে ঘৰটো জুইয়ে আৱৰি ধৰাত ঘৰৰ পৰা ওলাই আহিবলৈ সক্ষম ন'হল আইতাক আৰু নাতিনীয়েক ৷ দৈনিক হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া শেৱালীৰ পিতৃ মাতৃয়ে ৰঙৰ কাম কৰিবলৈ যাওঁতে সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো। শোকাৱহ ঘটনাটোয়ে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত ।

গোলাঘাট জিলাৰ ইটাখুলিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

লগতে পঢ়কঃ প্ৰসংগ: জনজাতিকৰণ : ক্ষান্ত হোৱা নাই চুতীয়া জনগোষ্ঠী

Intro:নিশা গোলাঘাটৰ জ্যোতিনগৰ ইটাখুলিত শোকাৱহ ঘটনা। ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত মৃত্যু হয় আইতাক আৰু তিনি বছৰীয়া নাতিনীয়েক। অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় এটা ঘৰ। অগ্নিকাণ্ডৰ সময়ত আইতাক আৰু নাতিনীয়েক ঘৰৰ ভিতৰৰ পৰা ওলাব নোৱাৰাৰ বাবেই অগ্নিত জাহ যায়। অগ্নিকাণ্ডৰ সময়ত ঘৰত নাছিল শিশুটোৰ পিতৃ মাতৃ।Body:যোৱা নিশা গোলাঘাটৰ জ্যোতিনগৰ ইটাখুলিত ভয়ংকৰ ঘটনা। অগ্নিকাণ্ডত মৃত্যু হয় আইতাক আৰু তিনি বছৰীয়া নাতিনীয়েক, আইতাকৰ নাম ৰেনু ভূঞা আৰু নাতিনীয়েকৰ নাম শেৱালী ভূঞা। অগ্নিকাণ্ডত সম্পূৰ্ণ ভস্মীভূত হয় ঘৰটো। তিনিবছৰীয়া শেৱালী ভূঞাৰ পিতৃ দেৱৰাজ ভূঞা আৰু মাতৃ প্ৰতিমা ভূঞা ঘৰত নথকা অৱস্থাত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ড। দৈনিক হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া শেৱালীৰ পিতৃ মাতৃ ৰঙৰ কাম কৰিবলৈ যাওঁতে সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো। ঘৰটোৰ চাৰিওফালে জুইয়ে আগুৰি ধৰা বাবেই আইতাক আৰু নাতিনীয়েক ঘৰৰ ভিতৰৰ পৰা ওলাব নোৱাৰি অগ্নিত জাহ যায়। অগ্নিকাণ্ডৰ ঘটনা কেনেকৈ সংঘটিত হয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই। শোকাৱহ ঘটনাটোয়ে গোলাঘাটত শোকৰ ছাঁ পেলাইছে।Conclusion:Byte 1: পিতৃ দেৱৰাজ ভূঞা
Byte 2: মাতৃ প্ৰতিমা ভূঞা
Byte 3: স্থানীয় যুৱক।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Last Updated : Nov 8, 2019, 3:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.