ETV Bharat / state

ভুৱা নাৰ্ছিং চেন্টাৰৰ বাবে সপোন সপোন হৈয়ে ৰ’ল শ-শ যুৱতীৰ - যুটীয়া স্বাস্থ্য সঞ্চালক

ভুৱা নাৰ্ছিং চেন্টাৰ খুলি ছাত্ৰীৰ পৰা লাখ লাখ টকা সংগ্ৰহ গোলাঘাট নগৰস্থিত এচিয়ান হেলথ মিচন ইনষ্টিটিউটৰ ৷ দীৰ্ঘদিনে স্বাস্থ্য বিভাগৰ অনুজ্ঞা পত্ৰ নোলাৱাকৈ চলাই গৈছিল নাৰ্ছিং চেন্টাৰটো ৷ এই ঘটনা পোহৰলৈ অহাৰ পাচতে হুকাহুকাই কান্দি উঠিল চেন্টাৰটোত অধ্যয়নৰত ছাত্ৰীসকল ৷

Fake Nursing Centre in Golaghat
ভুৱা নাছিং চেন্টাৰ বাবে সপোন সপোন হয়ে ৰ’ল শ শ ছাত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 2:15 PM IST

Updated : Dec 14, 2023, 2:55 PM IST

ভুৱা নাছিং চেন্টাৰ বাবে সপোন সপোন হয়ে ৰ’ল শ শ ছাত্ৰীৰ

গোলাঘাট, 14 ডিচেম্বৰ : সপোন আছিল এগৰাকী নাৰ্চ হোৱাৰ ৷ সেয়ে সপোনৰ পম খেদি গোলাঘাট নগৰস্থিত এচিয়ান হেলথ মিচন ইনষ্টিটিউট নামৰ এটা নাৰ্ছিং চেন্টাৰত নামভৰ্তি কৰিছিল কেইগৰাকীমান শিক্ষাৰ্থীয়ে ৷ লক্ষ্য প্ৰাপ্তিৰ বাবে অধ্যয়নত ব্যস্ত হৈ পৰিছিল শিক্ষাৰ্থীসকল ৷ কিন্তু যেতিয়া যুটীয়া স্বাস্থ্য সঞ্চালকৰ এটা দলে নাৰ্ছিং চেন্টাৰটোত যেতিয়া অভিযান চলালে তেতিয়াই পোহৰলৈ আহিল সকলো কথা ৷ দীৰ্ঘদিনে স্বাস্থ্য বিভাগৰ অনুজ্ঞাপত্ৰ নোলাৱাকৈ চলাই গৈছিল নাৰ্ছিং চেন্টাৰটো ৷

এই কথা পোহৰলৈ অহাৰ পাচতে হুকাহুকাই কান্দি উঠিল নাৰ্ছিং চেন্টাৰটোত অধ্যয়নৰত ছাত্ৰীসকল ৷ অভিযোগ অনুসৰি, গোলাঘাট নগৰত এচিয়ান হেলথ মিচন ইনষ্টিটিউটৰ নামেৰে ভুৱা নাৰ্ছিং চেন্টাৰ খুলি ছাত্ৰীৰ পৰা লাখ লাখ টকা লুন্ঠন চলাই আহিছে ৷ ইফালে তিনি বছৰে চেন্টাৰটোত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ মূৰত সৰগ ভাগি পৰিছে ৷ কাৰণ নাৰ্ছিং চেন্টাৰটোৱে শিক্ষাৰ্থীক দিব পৰা নাই উপযুক্ত প্ৰমাণ পত্ৰ আৰু ইন্টাৰশ্বিপৰ সুবিধা ৷ সেয়ে বুধবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

অভিযোগ অনুসৰি, নাৰ্ছিং চেন্টাৰটোৰ পৰিচালন সঞ্চালক বিজয় সিং আৰু অধ্যক্ষ উজ্জ্বল বৰাই স্বাস্থ্য বিভাগৰ অনুজ্ঞাপত্ৰ নোলোৱাকৈ নাৰ্ছিং চেন্টাৰটো চলাই আহিছিল ৷ ইফালে ছাত্ৰীসকলৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা এচিয়ান হেলথ মিচন ইনষ্টিটিউট নামৰ নাৰ্ছিং চেন্টাৰৰ নাই কোনো বেংক একাউন্ট, নাই কোনো টেক্স ফাইল ৷ সকলো লেনদেনো চলিছিল নগদ ধনত ৷ নামভৰ্তিৰ মাচুল আৰু মাহেকীয়া মাচুলৰ সংগ্ৰহ কৰা টকা জমা হয় নৱম শ্ৰেণী উৰ্ত্তীৰ্ণ এম ডি বিজয় সিঙৰ ওচৰত ৷ ইফালে ক্ষোভিত ছাত্ৰীয়ে ঘূৰাই বিচাৰিছে ধন ৷

লগতে পঢ়ক : বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজনৰ মৃত্যু, আহত এজন

Last Updated : Dec 14, 2023, 2:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.