ETV Bharat / state

অভিযান্ত্ৰিক মহাবিদ্যালয়ক লৈ চৰকাৰৰ ৰাজনীতি!

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় পৰিদৰ্শন কৰি অভিযান্ত্ৰিক মহাবিদ্যালয়ক লৈ চলি থকা ষড়যন্ত্ৰ সন্দৰ্ভত সংবাদমেল সম্বোধন

author img

By

Published : Jul 30, 2019, 10:36 PM IST

অভিযান্ত্ৰিক মহাবিদ্যালয়ক লৈ চৰকাৰৰ ৰাজনীতি

গোলাঘাট, 30 জুলাইঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়য়ে আন্তঃগাথঁনিৰ বাবে AICTE ৰ পৰা অনুমোদন লাভ নকৰাৰ পাছৰে পৰাই অনিশ্চয়তাত ভুগিছে অভিযান্ত্ৰিক মহাবিদ্যালখনে ৷ মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় পৰিদৰ্শন কৰি অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় সমূহক লৈ চলি থকা কেতবোৰ গুৰুত্বপূৰ্ণ দিশৰ ওপৰত এক সংবাদ মেল অনুষ্ঠিত কৰে ৷ সংবাদমেলত চৰকাৰে নিজে প্ৰতিষ্ঠা কৰা মহাবিদ্যালয়খনে চৰকাৰী ভুল নীতিৰ বাবেই অনুমোদন লাভ নকৰাৰ অভিযোগ উত্থাপিত কৰি কয় যে কেৱল গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ে নহয় অসমৰ সৰহ সংখ্যক অভিযান্ত্ৰিক মহাবিদ্যালয়ে আন্তঃগাথঁনি আৰু প্ৰয়োজনীয় শিক্ষক কৰ্মচাৰীৰ অভাৱত ভুগি আছে ৷ এই ক্ষেত্ৰত অসম চৰকাৰক দোষাৰোপ কৰি অতি শীঘ্ৰে এই সমূহ সমস্যাৰ অৱসান ঘটাই নতুন ৰূপত অভিযান্ত্ৰিক মহাবিদ্যালয় সমূহক গঢ়ি তুলিবলৈ দাবী উত্থাপন কৰে ৷

Intro:অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় সমূহ বিভিন্ন দিশত ভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। কেৱল নতুন কৈ প্ৰতিষ্ঠা হোৱা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ে নহয়, অসমৰ সৰহ ভাগ অভিযান্ত্ৰিক মহাবিদ্যালয় আন্তঃগাথঁনি উপযুক্ত নহয়। উজনি অসমৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত বেছিভাগ শিক্ষক ঠিকা ভিত্তি হোৱাৰ বাবে National Board of Accreditation ৰ অনুমোদন লাভ কৰা নাই, যাৰফলত ছাত্ৰ ছাত্ৰীসকলে বহু বিষয়ত অত্যাধুনিক শিক্ষা লাভ কৰা নাই। অসমৰ প্ৰায় বোৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত National Board of Accreditationৰ অনুমোদিত নহয়। ঠিক একে দৰে গুৱাহাটী অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কোকৰাঝাৰৰ বিনেশ্বৰ বৰ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱস্থাও সুচনীয়। গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় পৰিভ্ৰমণ কৰি এক সংবাদ মেলত অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় সমূহৰ বিভিন্ন দিশৰ ওপৰত অভিযোগ উঠাই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।Body:অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় আন্তঃগাথঁনিৰ বাবে অনুমোদন লাভ নকৰিলে AICTE ৰ পৰা। অন্ধকাৰৰ দিশে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়। যাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে মহাবিদ্যালয় খন পৰিভ্ৰমণ কৰি বুজ লয়। চৰকাৰে নিজেই প্ৰতিষ্ঠা কৰা মহাবিদ্যালয়খনৰ চৰকাৰী ভুল নীতিৰ বাবে অনুমোদন লাভ নকৰাৰ অভিযোগ উত্থাপিত কৰি কয় কেৱল গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ে নহয় অসমৰ সৰহ সংখ্যক অভিযান্ত্ৰিক মহাবিদ্যালয় আন্তঃগাথঁনি আৰু প্ৰয়োজনীয় শিক্ষক আৰু কৰ্মচাৰীৰ অভাৱত ভুগি আছে। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় 50 শতাংশ শিক্ষক পদ খালি হৈ আছে। মহাবিদ্যালয় খনৰ কাৰিকৰী বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰম বৰ্তমান বন্ধ হ'ল। মহাবিদ্যালয় সমূহৰ বিজ্ঞানাগাৰত প্ৰয়োজনীয় সা-সৰঞ্জম নাই, যাৰফলত ছাত্ৰ ছাত্ৰীয়ে অত্যাধুনিক শিক্ষা লাভ কৰা নাই। কোকৰাঝাৰ বিনেশ্বৰ বৰ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ত কেৱল ১৩ জন শিক্ষক লৈ পৰিচালিত হৈ আছে। গুৱাহাটী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰো বহু পদ আজিও পূৰ কৰিব পৰা নাই। গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত ২০০০ ছাত্ৰ ছাত্ৰী অধ্যয়নৰত। এই ছাত্ৰ ছাত্ৰীসকলৰ থাকিবলৈ পৰ্যাপ্ত পৰিমাণৰ আসন নাই ছাত্ৰ আৱাস আৰু ছাত্ৰী নিবাশত। মহাবিদ্যালয় খনে প্ৰায় ৬০ দশক অতিক্ৰম কৰাৰ পিছতো চৌদিশ সীমাৰেখা নিৰূপণ কৰি আৰবেৰ আজিও আৰবেৰ দিব পৰা নাই। অভিযান্ত্ৰিক মহাবিদ্যালয় সমূহৰ এই অৱস্থাৰ প্ৰতি চৰকাৰৰ শিক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক জগৰীয়া কৰি কয় এঁওলোক মুৰ্খৰ স্বৰ্গত বাস কৰিছে। সমাজৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাথমিক পৰ্য্যায়ত শিক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ দাবী জনাই। সদৌ অসম ছাত্ৰ সন্থাৰ দাবী শিক্ষা হ'ব লাগিব অসমৰ জাতীয় জীৱনত প্ৰথম স্থান পোৱা বিষয়। কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক অসম চৰকাৰে। অসম চৰকাৰক শিক্ষাৰ ক্ষেত্ৰত আটাইতকৈ বেছি খৰছ কৰিবলৈ আৰু বাজেটত অধিক ধন আৱন্টন দিবলৈ আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ। Conclusion:Byte 1: লুৰিণজ্যোতি গগৈ।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Visual byte mojo ত গ'ল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.