ETV Bharat / state

খুমটাইত একে নিশাই হাতীয়ে ভাঙিলে ৭টা বাসগৃহ - খুমটাইত হাতীয়ে ভাঙিলে গৃহ

Man elephant conflict: ক্ৰমাৎ যেন বাঢ়ি আহিছে হাতী-মানুহৰ সংঘাত ৷ নিতৌ বন্যহস্তীৰ আক্ৰমণত ধ্বংস হৈছে বাসগৃহ । বন্য়হস্তীৰ উপদ্ৰৱৰ বাবে বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে ৷

Man elephant conflict
হাতী মানুহৰ সংঘাত
author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 2:27 PM IST

হাতী মানুহৰ সংঘাত

গোলাঘাট, ২৯ ডিচেম্বৰ: ৰাজ্য়ত হাতী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ লৈছে । ইয়াৰ মাজতেই বৃহস্পতিবাৰে নিশা খুমটাই সমষ্টিৰ অন্তৰ্গত শাওঁতলী চাপৰিত এটা বৃহৎ বন্যহস্তীৰ জাকে তচনচ কৰিলে ৭ টা বাসগৃহ । অৱশ্য়ে কথমপিহে প্ৰাণৰক্ষা পৰিল গৃহস্থৰ ৷ শাওঁতলী চাপৰি, তলচাপৰিকে আদি কৰি কেইবাখনো গাঁৱত যোৱা নিশা এটা বৃহৎ বনৰীয়া হাতীৰ জাকে চলালে তাণ্ডৱ ৷ প্ৰায় ৭০ টা হাতী থকা জাকটোৱে জনাঞ্চলত প্ৰৱেশ কৰি কৃষক ৰাইজৰ সৰিয়হ, ৰঙালাও,আলু আদি বিভিন্ন খেতিত তাণ্ডৱ চলোৱাৰ লগতে সাতটা বাসগৃহ ধ্বংস কৰে ।

পকা ঘৰৰ বেৰ ভাঙি ভিতৰত থকা কুইন্টলে কুইন্টলে ধান খাই তহিলং কৰিছে হাতীয়ে । শাওঁতলী চাপৰিৰ বাসগৃহ কেইটাৰ দৃশ্যটো দেখিলে সকলেৰে চকুপানী ওলাব। ঘৰৰ সকলো সামগ্ৰী,আচবাব নষ্ট কৰি সপোনৰ ঘৰখন ধ্বংস কৰিলে বন্যহস্তীৰ জাকটোৱে । এতিয়া তেওঁলোক ক'ত থাকিব, কি খাব, কেনেদৰে জীৱন চলাব, তাকে ভাবি দিশহাৰা হৈছে পৰিয়ালকেইটা ৷

স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি, বন বিভাগৰ লোকক খবৰ দিয়াৰ পিছতো হাতী খেদিবলৈ নাহিল ৷ বন বিভাগৰ বিৰুদ্ধে ৰাইজে ক্ষোভ উজাৰি কয় যে বিভাগটোৰ গুৰুত্বহীনতাৰ বাবেই হাতীয়ে বৃহত্তৰ অঞ্চলটোত ৭ টা বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি তচনচ কৰিলে ।

বন্য়হস্তীৰ উপদ্ৰৱৰ বাবে বিনিদ্ৰ ৰজনী কটাইছে কেইবাখনো গাঁৱৰ ৰাইজে ৷ উল্লেখ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰবেশ কৰে বৃহৎ বন্যহস্তীৰ জাক। নিশা আৱৰঘাটত ধনশিৰি নদী পাৰ হৈ শাওঁতলি অঞ্চলত প্ৰবেশ কৰি একপ্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰে বন্যহস্তীৰ জাকে । ইয়াৰ পাছতো কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগোম বন বিভাগ ।

লগতে পঢ়ক:অন্তিম শ্ৰদ্ধাঞ্জলিৰ বাবে আন্না ছালাইলৈ অনা হৈছে বিজয়কান্তৰ মৃতদেহ, শোক প্ৰকাশ ৰজনীকান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.