ETV Bharat / state

গোলাঘাটত অব্যাহত হাতী-মানুহৰ সংঘাত - কৰ'ণা মহামাৰী

নামবৰ দৈগ্ৰোঙ বন্য প্ৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীক কাঁড় মাৰি আঘাত প্ৰাপ্ত কৰিছে একাংশ লোকে ৷ যাৰ ফলত ঢলাকছাৰী গাঁৱত ছটফটাইছে আঘাতপ্ৰাপ্ত হাতীটোৱে ৷ তদুপৰি একাংশ উন্মাদ লোকে শিলগুটি, ফৰ্মটি দলিয়াই বন্যহস্তীৰ দলটোক হাৰাশাস্তি কৰি আহিছে ।

Elephant-human conflict continues in Golaghat
গোলাঘাটত অব্যাহত হাতী-মানুহৰ সংঘাত
author img

By

Published : Sep 23, 2020, 9:42 PM IST

গোলাঘাট,23 ছেপ্তেম্বৰঃকৰ'ণা মহামাৰীৰ আতংকৰ মাজতে গোলাঘাটৰ নুমলীগড়ৰ ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । জিলাখনৰ মৰঙী ঢলাকছাৰী গাঁৱত দেখা পোৱা গৈছে বন্যহস্তীৰ মুক্ত বিচৰণ ৷ কিন্তু তেনে সময়তে একাংশ লোকৰ আক্ৰমণৰ বলি হৈছে বন্যহস্তী ৷

গোলাঘাটত অব্যাহত হাতী-মানুহৰ সংঘাত

এইবাৰ নামবৰ দৈগ্ৰোঙ বন্য প্ৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীক কাঁড় মাৰি আঘাত প্ৰাপ্ত কৰিছে একাংশ লোকে ৷ যাৰ ফলত ঢলাকছাৰী গাঁৱত ছটফটাইছে আঘাতপ্ৰাপ্ত হাতীটোৱে ৷ তদুপৰি একাংশ উন্মাদ লোকে শিলগুটি, ফৰ্মটি দলিয়াই বন্যহস্তীৰ দলটোক হাৰাশাস্তি কৰি আহিছে ।

আনহাতে ৰাইজৰ অভিযোগ, দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ জাকে ঘৰ-দুৱাৰ,ভঁৰাল ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ কিন্তু কাণসাৰ নাই বন বিভাগৰ ৷ এনেবোৰ ঘটনাৰ পিছত বন বিভাগৰ লগতে গোলাঘাট জিলা প্ৰশাসনে হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়

লগতে পঢ়কঃঅসম আৰক্ষীৰ SI বাচনি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা মূল অভিযুক্ত আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.