গোলাঘাট, 8 অক্টোবৰ : দুৰ্গা পূজাৰ আনন্দ-উল্লাহৰ মাজতে গোলাঘাট 5 নং ৰংবঙৰ গোবিনপুৰ চাহ বাগিচাত সংঘটিত হৈছে শোকাৱহ ঘটনা । চাহ বাগিচাখনত মানস বৰুৱা নামৰ 26 বছৰীয়া এজন যুৱকে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে । ঘটনাৰ বিৱৰণী অনুসৰি, কেইবাদিনো এটা বৃহৎ হাতীৰ জাকে গোবিনপুৰ চাহ বাগিচাত অৱস্থান কৰি আহিছিল । বিয়লি ভাগত একাংশ স্থানীয় লোকে হাতীৰ জাকটোক খেদিবলৈ চেষ্টা কৰিছিল । তেনে সময়তে জাকৰ মাজৰ এটা হাতীয়ে লোকসকলক খেদি আহে আৰু সেই সময়তে হাতীৰ গছকত কৰুণ মৃত্যুক সাৱতি লয় যুৱকজনে ।
আনহাতে, হাতীৰ জাকটোৱে সেই অঞ্চলত উপদ্ৰৱ কৰি থকাৰ পাছতো আঁতৰাই পঠাবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বন বিভাগে । উল্লেখ্য যে, যোৱা দুবছৰৰ ভিতৰত একে ঠাইতে তিনিজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে । বৰ্তমানেও হাতীৰ বৃহৎ জাকটোৱে গোবিনপুৰ চাহ বাগিচাত আশ্ৰয় লৈ থকাত আতংকিত হৈ আছে স্থানীয় লোকসকল ।