ETV Bharat / state

দপথাৰত হাতীৰ আক্ৰমণত নিহত এগৰাকী মহিলা - গোলাঘাটৰ স্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ শেহতীয়াকৈ গোলাঘাট জিলাৰ সৰুপথাৰৰ দপথাৰত সংঘটিত হয় বনৰীয়া হাতীৰ আক্ৰমণৰ এক ঘটনা ৷ শনিবাৰে পুৱাই সংঘটিত এই আক্ৰমণত নিহত হৈছে এগৰাকী মহিলা ৷

elephant attack at barpathar
বৰপথাৰৰ দপথাৰত হাতীৰ আক্ৰমনত নিহত এগৰাকী মহিলা
author img

By

Published : Jul 10, 2021, 10:36 PM IST

Updated : Jul 11, 2021, 2:06 PM IST

সৰুপথাৰ,10 জুলাই: গোলাঘাটৰ সৰুপথাৰৰ দপথাৰত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস । শনিবাৰে পুৱাই গোলাঘাট জিলাৰ সৰুপথাৰৰ দপথাৰত বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে এগৰাকী মহিলা । হাতীৰ আক্ৰমণত নিহত হোৱা মহিলা গৰাকীৰ নাম মিনা কটোৱাল(40) বুলি জানিব পৰা গৈছে ।

ঘটনাৰ বিৱৰণী অনুসৰি, দক্ষিণ নামবৰ বনাঞ্চলৰ পৰা টেঙানী-চাংপুল হৈ আহি আছিল এটা মখনা হাতী ৷ ইফালে মিনা কটোৱাল নিজ বাসগৃহতে চাহ বাগানত পাত চিঙি আছিল ৷ চাহ বাগানত পাত চিঙি থকা অৱস্থাতে মিনা কটোৱাল নামৰ মহিলাগৰাকীক আক্ৰমণ কৰে বন্য হস্তীটোৱে ৷

দ পথাৰত হাতীৰ আক্ৰমণত নিহত এগৰাকী মহিলা

বন্য হস্তীটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় 40 বছৰীয়া মিনা কটোৱাল ৷ পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আহত হোৱা মিনা কটোৱালক গোলাঘাটৰ স্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰে মিনা কটোৱালক ৷ ইফালে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বন বিভাগ আৰু আৰক্ষীক খবৰ দিয়া হয় ৷

সেই খবৰৰ ভিত্তিতে সৰুপথাৰৰ দপথাৰত উপস্থিত হয় বন সুৰক্ষা কৰ্মী তথা আৰক্ষী ৷ সৰুপথাৰৰ দপথাৰ-বছাপথাৰ অঞ্চলৰ পৰা ৰাইজৰ সহযোগত বন সুৰক্ষা কৰ্মীয়ে হাতীটোক অৰণ্যৰ মাজলৈ খেদি পঠিয়াবলৈ সক্ষম হয় ৷ এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজ বৰ্তমানেও আতংকিত হৈ থকা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: ক’ত উদ্ধাৰ হ’ল বাণ্ডিলে বাণ্ডিলে টকা !

Last Updated : Jul 11, 2021, 2:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.