গোলাঘাট,12ছেপ্টেম্বৰঃ দেশৰ অৰ্থনৈতিক ব্যৱস্থা সৱল কৰা আৰু উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশত চলোৱা হৈছে সপ্তম অৰ্থনৈতিক পিয়ল । উল্লেখ্য যে যোৱা মে' মাহতে অসমত আৰম্ভ হ'ব লাগিছিল এই অৰ্থনৈতিক পিয়ল । কিন্তু অসমত এন আৰ চিৰ ব্যস্ততাৰ বাবে কিছুদিনৰ বাবে স্থগিত কৰা হৈছিল পিয়লত ৷ ইপিনে গোলাঘাটত বৃহস্পতিবাৰৰ পৰা সপ্তম অৰ্থনৈতিক পিয়ল শুভাৰম্ভ কৰা হয় । গোলাঘাটৰ উপায়ুক্ত ধীৰেণ হাজৰিকাই উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত মুকলি কৰে সপ্তম অৰ্থনৈতিক পিয়ল । গোলাঘাটত এই পিয়লৰ বাবে 110জন চুপাৰভাইজাৰ নিয়োজিত কৰা হৈছে । ইয়াৰে নগাৰঞ্চলৰ বাবে 8জন আৰু গ্ৰাম্যাঞ্চলৰ পিয়লৰ বাবে 102জন চুপাৰভাইজাৰ নিয়োগ কৰা হৈছে । এই অৰ্থনৈতিক পিয়ল সম্পূৰ্ণ ভাৱে ডিজিটেল পদ্ধতিৰে গণনা কৰা হ'ব । লগতে "Ministry of statistics and programm implementation" ৰ অধীনত আৰু "National sample survey organisation" ৰ নিৰ্দেশনাত এই অৰ্থনৈতিক পিয়ল কৰা হ'ব । এই পিয়লৰ পিছতেই অৰ্থনৈতিক সমীক্ষাৰ জৰিয়তে পৰৱৰ্তী সময়ত কেনেধৰণৰ আঁচনি ৰূপায়নৰ ব্যৱস্থা গ্ৰহণ কৰি দেশৰ অৰ্থনৈতিক উন্নয়নৰ পৰিকল্পনা কৰা হৈছে ।
গোলাঘাটত আৰম্ভ কৰা হ'ল সপ্তম অৰ্থনৈতিক পিয়ল - National sample survey organisation
অসমত এন আৰ চিৰ ব্যস্ততাৰ বাবে কিছুদিনলৈ স্থগিত ৰখা হৈছিল সপ্তম অৰ্থনৈতিক পিয়ল ৷ পুনৰ সমগ্ৰ অসমৰ লগতে গোলাঘাটটো আৰম্ভ কৰা হ'ল সপ্তম অৰ্থনৈতিক পিয়ল । গোলাঘাটত বৃহস্পতিবাৰৰ পৰা সপ্তম অৰ্থনৈতিক পিয়লৰ শুভাৰম্ভ কৰা হয় ।
গোলাঘাট,12ছেপ্টেম্বৰঃ দেশৰ অৰ্থনৈতিক ব্যৱস্থা সৱল কৰা আৰু উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশত চলোৱা হৈছে সপ্তম অৰ্থনৈতিক পিয়ল । উল্লেখ্য যে যোৱা মে' মাহতে অসমত আৰম্ভ হ'ব লাগিছিল এই অৰ্থনৈতিক পিয়ল । কিন্তু অসমত এন আৰ চিৰ ব্যস্ততাৰ বাবে কিছুদিনৰ বাবে স্থগিত কৰা হৈছিল পিয়লত ৷ ইপিনে গোলাঘাটত বৃহস্পতিবাৰৰ পৰা সপ্তম অৰ্থনৈতিক পিয়ল শুভাৰম্ভ কৰা হয় । গোলাঘাটৰ উপায়ুক্ত ধীৰেণ হাজৰিকাই উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত মুকলি কৰে সপ্তম অৰ্থনৈতিক পিয়ল । গোলাঘাটত এই পিয়লৰ বাবে 110জন চুপাৰভাইজাৰ নিয়োজিত কৰা হৈছে । ইয়াৰে নগাৰঞ্চলৰ বাবে 8জন আৰু গ্ৰাম্যাঞ্চলৰ পিয়লৰ বাবে 102জন চুপাৰভাইজাৰ নিয়োগ কৰা হৈছে । এই অৰ্থনৈতিক পিয়ল সম্পূৰ্ণ ভাৱে ডিজিটেল পদ্ধতিৰে গণনা কৰা হ'ব । লগতে "Ministry of statistics and programm implementation" ৰ অধীনত আৰু "National sample survey organisation" ৰ নিৰ্দেশনাত এই অৰ্থনৈতিক পিয়ল কৰা হ'ব । এই পিয়লৰ পিছতেই অৰ্থনৈতিক সমীক্ষাৰ জৰিয়তে পৰৱৰ্তী সময়ত কেনেধৰণৰ আঁচনি ৰূপায়নৰ ব্যৱস্থা গ্ৰহণ কৰি দেশৰ অৰ্থনৈতিক উন্নয়নৰ পৰিকল্পনা কৰা হৈছে ।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।