ETV Bharat / state

অলিম্পিকৰ সলনি পিতৃৰ সৈতে পথাৰত ব্যস্ত লাভলীনা বৰগোঁহাই

টকিঅ'ত অনুষ্ঠিত হ'ব লগা 2020 অলিম্পিক খেল বাতিল হোৱাত বক্সিং খেল প্ৰতিযোগিতাৰ পৰা বঞ্চিত হয় অসম জীয়ৰী লাভলীনা বৰগোঁহাই ৷ পুনৰ প্ৰশিক্ষণ শিবিৰত অহা আগষ্ট মাহত যোগদান কৰিব খেলুৱৈ গৰাকীয়ে ৷

author img

By

Published : Jul 25, 2020, 8:39 PM IST

Due to COVID-19 Stop Takio olympic 2020
অলিম্পিকৰ সলনি পিতৃৰ সৈতে পথাৰত ব্যস্ত লাভলীনা বৰগোঁহাই

সৰুপথাৰ, 25 জুলাইঃ কৰ'ণা মহামাৰীৰ বাবে টকিঅ'ত অনুষ্ঠিত হ'ব লগা 2020 অলিম্পিক খেল বাতিল কৰে ৷ ইতিমধ্যে টকিঅ অলিম্পিকৰ বক্সিং খেলৰ বাবে নিৰ্বাচিত হৈছিল বক্সিং খেলুৱৈ লাভলীনা বৰগোঁহাই ৷ কিন্তু অলিম্পিক খেল বাতিল হোৱাত লাভলীনাই আজি ঘৰতে দিন পাৰ কৰিব লগা হৈছে |

ইফালে তেওঁৰ শনিবাৰে বক্সিং প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব নোৱাৰিলেও শাওনৰ পথাৰত পিতৃক সহায় কৰিছে ভূঁই ৰুৱা কাৰ্যত | সাংবাদিকে লাভ লীনাক সোধা এক প্ৰশ্ন উত্তৰত জানিবলৈ দিয়ে যে তাইৰ আজি অলিম্পিকৰ কথা বৰকৈ মনত পৰিছে ৷ কিয়নো কালি অলিম্পিকৰ শুভ উদ্ধোধনী হ'ল হয় যদিও কিন্তু কৰ'ণা মহামাৰীয়ে সকলোবোৰ যেন ওলট পালট কৰি পেলালে বুলি কয় ৷

অৱশ্যে লাভলীনাই অলিম্পিক এবছৰ পিচুৱাই যোৱাত কোনো আক্ষেপ প্ৰকাশ নকৰি সময়ৰ সদব্যৱহাৰ কৰা বুলি জানিবলৈ দিয়ে আৰু ঘৰতে অনুশীলন চলাই যোৱা বুলি মন্তব্য কৰে ৷ তেওঁ আশা প্ৰকাশ কৰে যে,সোনকালে সমগ্ৰ বিশ্বৰ পৰা কৰ'ণা মহামাৰী নাইকিয়া হ'ব ৷ অৱশ্যে তাই পাটিয়ালাত বক্সিং প্ৰশিক্ষণ শিবিৰত অহা আগষ্ট মাহত যোগদান কৰিব বুলি মন্তব্য কৰে বক্সিং খেলুৱৈ গৰাকীয়ে ৷

লগতে পঢ়ক- আনুষ্ঠানিক শিক্ষা অবিহনে যোৰহাটৰ এজন কিশোৰৰ মুখা নিৰ্মাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.