ETV Bharat / state

গোলাঘাটত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন

author img

By

Published : Jun 4, 2021, 10:56 AM IST

বৃহস্পতিবাৰে গোলাঘাট আৰক্ষীয়ে অভিযান চলাই 10 গ্ৰাম হেৰ’ইন সহ আটক কৰে এজন লোকক ৷ ধৃত লোকজন গোলাঘাট ফৰকাটিং ২ নং ফাটোৱাল গাঁৱৰ চন্দন বৰুৱা ৷

as_glt_drugs-seized-at-golaghat-1-arrest_vis_byte_as10024
গোলাঘাটত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন

গোলাঘাট, 4 জুন : কৰ’ণা মহামাৰীৰ সমান্তৰালকৈয়ে ৰাজ্যক ক্ৰমাৎ ভয়াৱহ হাৰত বৃদ্ধি পাইছে নিসিদ্ধ ড্ৰাগছৰ সৰৱবৰাহ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে গোলাঘাটৰ ফৰকাটিঙতো জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চন্দন বৰুৱা নামৰ এজন ড্ৰাগছ ব্যৱসায়ী ৷ দীৰ্ঘদিন ধৰি গোলাঘাট ফৰকাটিং ২ নং ফাটোৱাল গাঁৱৰ পৰা ড্ৰাগাছৰ ব্যৱসায় চলাই আহিছিল চন্দন বৰুৱাই ৷

ফৰকাটিং আৰক্ষীয়ে গোপন সূত্ৰৰ অনুসৰি চন্দন বৰুৱাৰ বাসগৃহত তালাচী চলাই ১০ গ্ৰাম হেৰ’ইন জব্দ কৰে ৷ সামগ্ৰী সমূহ ঘৰৰ টিনৰ মাজত লুকুৱাই ৰাখিছিল চন্দনে ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক-এখন বাঁহৰ দলং আৰু বিধায়ক চক্ৰধৰ গগৈৰ 5 হাজাৰ টকাৰ অনুদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.