ETV Bharat / state

গোলাঘাট আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া

author img

By

Published : Dec 1, 2020, 6:08 PM IST

গোলাঘাটত ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ চাৰি গৰাকী লোক ৷ আৰক্ষীয়ে ধৃত লোক কেইজনৰ পৰা জব্দ কৰে এখন বাইকৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷

drugs-peddlers-arrested-in-goalghat
গোলাঘাটত আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া

গোলাঘাট, 1 ডিচেম্বৰ : সোমবাৰে গোলাঘাটত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ চাৰিগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হয় ৷ গ্ৰেপ্তাৰ কৰা লোক কেইজন ক্ৰমে, পৰিক্ষিত গগৈ, লক্ষী হাজৰিকা, গীতাৰ্থ ফুকন আৰু মাধুজ বৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

গোলাঘাটৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ কৰা হয় লোক কেইজনক ৷ বিশেষ সূত্ৰৰ পম খেদি গোলাঘাটৰ থুৰামুখ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে লোক কেইজনক । ধৃত লোক কেইজনৰ পৰা উদ্ধাৰ কৰে AS-05N-5024 এখন বাইক সহ বহু পৰিমাণৰ ড্ৰাগছ ।

উল্লেখ্য যে, জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও একাংশ দুষ্ট চক্ৰই গোপনে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই যোৱাৰ অভিযোগ উত্থাপন কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক : মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সংৰক্ষণৰ উৎকৰ্ষকতাৰ বঁ‌টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.