ETV Bharat / state

ধনশিৰিত ড্ৰাগছসহ আটক ৩

author img

By

Published : Jul 7, 2021, 12:50 PM IST

ধনশিৰি মহকুমাৰ আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত মঙলবাৰে নিশা এক অভিযানত ব্ৰাউন চুগাৰসহ (Brown sugar) আৰক্ষীয়ে সৰবৰাহকাৰী দুজনক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে সমীপৱৰ্তী কাৰ্বি আংলং জিলাৰ বোকাজানৰ পৰাও আন এজনক আটক কৰিবলৈ সক্ষম হয় ।

drugs peddler
ধনশিৰিত ড্ৰাগছসহ আটক ৩ জন

সৰুপথাৰ, ৭ জুলাই : ৰাজ্যজুৰি ড্ৰাগছৰ (Drugs) বিৰুদ্ধে অসম আৰক্ষীৰ (Assam Police) অভিযান অব্যাহত আছে । ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ই মুখ্যমন্ত্ৰী হিচাপে শপত লৈয়ে ড্ৰাগছৰ বিৰুদ্ধে এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছিল ৷ মুখ্যমন্ত্ৰীৰ (Chief minister) নিৰ্দেশত চলিত বছৰটোত বিভিন্ন জিলাত লাখ লাখ টকাৰ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য উদ্ধাৰৰ লগতে বহু সৰবৰাহকাৰীক (Drugs Peddler) আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।

drugs peddler
ধনশিৰিত ড্ৰাগছসহ আটক ৩ জন

এই নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহত জড়িত বহুলোকক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে । কিন্তু তাৰ পিছতো ৰাজ্যত নিষিদ্ধ ড্ৰাগছৰ (Illegal Drugs) সৰবৰাহ চলিয়ে আছে । আৰক্ষীৰ চকুত ধুলি দি একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে চলাই গৈছে নিষিদ্ধ সামগ্ৰীৰ ৰমৰমীয়া বেহা ।

আৰক্ষীৰ সন্মুখতে আনকি বিভিন্ন উপায় অৱলম্বন কৰি ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে । অৱশ্যে আৰক্ষী ৰাজ্যৰ প্ৰতিটো কোণত সষ্টম হৈ আছে । ইয়াৰ মাজতে গোলাঘাট জিলাৰ ধনশিৰি আৰক্ষীৰ জালত পৰিল তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী ।

উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত তুৰুং গাঁও, চুঙাজান আৰক্ষী থানাৰ অন্তৰ্গত ৬ নং চুঙাজানৰ পৰা ধনশিৰি মহকুমাৰ আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত মঙলবাৰে নিশা এক অভিযান চলোৱা হৈছিল । আৰক্ষীৰ এই অভিযানত ব্ৰাউন চুগাৰসহ (Brown sugar) আৰক্ষীয়ে সৰবৰাহকাৰী দুজনক আটক কৰিবলৈ সক্ষম হয় ।

drugs peddler
ধনশিৰিত ড্ৰাগছসহ আটক ৩ জন

আটকাধীন যুৱক দুজন ক্ৰমে ২৯ বছৰীয়া শেখৰ শ্যাম আৰু ২৮ বছৰীয়া কৃঞ্চ নেওগ বুলি জানিব পৰা গৈছে । যুৱক দুজনৰ পৰা দুটা কণ্টেইনাৰত ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে । ইপিনে অভিযানটোত আৰক্ষীয়ে সমীপৱৰ্তী কাৰ্বি আংলং জিলাৰ বোকাজানৰ ৪৬ বছৰীয়া ডিম্বেশ্বৰ পাটোৱাৰী নামৰ এজন ব্যক্তিক বাসগৃহৰ পৰা আটক কৰে ।

আৰক্ষীয়ে লোকজনৰ পৰা এটা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় । ধৃত লোক কেইজনৰ পৰা আৰক্ষীয়ে মুঠ তিনি গ্ৰাম ওজনৰ ব্ৰাউন চুগাৰ জব্দ কৰে । ইফালে আটাইকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : GMCH ত ২০০ খন ICU যুক্ত বিচনা মুকলি মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.